![]()
নিউজ ডেস্কঃ
হস্পিটেলৰ সন্মুখত এম্বুলেন্সেৰ দীঘলীয়া শাৰী। এখন বিছনা পোৱাৰ বাবে হাহাকাৰ। অলপ অক্সিজেনৰ বাবে কন্দা-কটা। এই ধৰণৰ অৱস্থা বৰ্তমান দেশৰ কম-বেছি সকলো চহৰতেই। এই পৰিস্থিতিত গুজৰাটৰ ভদোদৰাৰ এটি মছজিদ আগবাঢ়ি আহিল সহায় কৰিবলৈ। প্রার্থনাস্থলীত পতা হ’ল ৫০খন বিছনা। এতিয়া উক্ত মছজিদতেই অস্থায়ী কোভিড হস্পিটেল।
জাহাঙ্গিৰপুৰাৰ উক্ত মছজিদৰ এগৰাকী ট্রাষ্টিয়ে কয়, ‘ৰমজান মাহত ইয়াতকৈ ভাল একো নহয়।’

উল্লেখযোগ্য যে গুজৰাটত কোভিড পৰিস্থিতি ক্রমে শোচনীয় হৈ পৰিছে। চৰকাৰী হস্পিটেলৰ সন্মুখত এম্বুলেন্সৰ দীঘলীয়া শাৰী। বেছিভাগ চৰকাৰী হস্পিটেলত কোনো বিছনা নাই। কেইদিনমান পূৰ্বে গুজৰাটতেই অক্সিজেনৰ অভাৱত এগৰাকী বঙালি অধ্যাপকৰ মৃত্যু হৈছে।
সোমবাৰৰ দিনটোত গুজৰাটত নতুনকৈ আক্রান্ত হৈছে ১১ হাজাৰ ৪০৩ জন। এই পর্যন্ত এটা দিনত সর্বোচ্চ। কৰোনাৰ ফলত ৰাজ্যখনত মৃত্যু হৈছে ১১৭ জন। মৃত্যুৰ পৰিসংখ্যাতো ৰেকর্ড।









