![]()
নিউজ ডেস্কঃ
ৰাজধানীত সোমবাৰৰ পৰা একেৰাহে ৬ দিনৰ লকডাউন ঘোষণা কৰিছে অৰবিন্দ কেজৰিৱাল চৰকাৰে। সেই দিনাই নৈশ কাৰ্ফিউৰ কাৰণে নয়ডা আৰু ফৰিদাবাদত বহু সময় আবদ্ধ হৈ পৰে অক্সিজেনভর্তি ট্ৰাক। আনহাতে, দিল্লীৰ বিভিন্ন হস্পিটেলত অক্সিজেনৰ অভাৱত পৰিছে কৰোনা ৰোগীসকল। কঠিন মুহূর্তত সহায়ৰ হাত আগবঢ়োৱা দেখা গৈছে দিল্লী আৰক্ষীক। গ্রিন কৰিডৰ সৃষ্টি কৰি অক্সিজেন সৰবৰাহৰ ব্যৱস্থা কৰি দিয়ে তেওঁলোকে। দিল্লীৰ পশ্চিম বিহাৰৰ দ্য একচন বালাজি হস্পিটেলত ২৩৫ জন কোভিড আক্রান্ত ৰোগী অক্সিজেনৰ বাবে অপেক্ষা কৰি আছিল তেতিয়া। দায়িত্ব লৈ হস্পিটেলত অক্সিজেন উপলব্ধ কৰায় তাৰ আৰক্ষীসকলে।
নৈশ কাৰ্ফিউৰ কাৰণে নয়ডা আৰু ফৰিদাবাদত আবদ্ধ হৈ থকা টেঙ্কাৰ দুখনৰ এখনত আছিল ১৪ হাজাৰ লিটাৰ, আন এখনত ৫ হাজাৰ ৫০০ লিটাৰ অক্সিজেন। কেৱল বালাজি হস্পিটেলতেই নহয়, বহু অক্সিজেন চিলিণ্ডাৰ তেওঁলোকে উপনীত কৰায় বাকী হস্পিটেলবোৰতো। ইয়াৰে ভিতৰত সৰোজ হস্পিটেলত ১০টা, অগ্রসেন হস্পিটেলত ১৫টা, আইএলবিএছ বসন্ত কুঞ্জত এটি আৰু ফর্টিছ হস্পিটেলত ১০টা অক্সিজেন চিলিণ্ডাৰ উপলব্ধ কৰায় তেওঁলোকে।










