![]()
নিউজ ডেস্কঃ
দেশৰ নানা প্রান্তত সাধাৰণ মানুহৰ পৰা চেলিব্ৰিটি, ৰাজনীতিক, কৰোনাৰ পৰা কোনোৱে ৰেহাই পোৱা নাই। ইয়াৰ মাজতে ৫ ৰাজ্যত অনুষ্ঠিত হৈছে নির্বাচন। যিসকলৰ ওপৰত এই অতিমাৰী পৰিস্থিতিত নির্বাচনৰ গুৰু দায়িত্ব, তেওঁলোকো এইবাৰ আক্রান্ত মাৰণ ভাইৰাছত। কৰোনা আক্রান্ত হৈছে মুখ্য নির্বাচন আয়ুক্ত সুশীল চন্দ্র। এই মাৰণ ব্যাধিত আক্রান্ত হৈছে নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰো।
মঙ্গলবাৰে নির্বাচন আয়োগে চৰকাৰীভাবে জনায় যে সুশীল চন্দ্র কৰোনা আক্রান্ত হৈছে। এই ভাইৰাছত সংক্রমিত হৈছে নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰো। দুয়োজনেই সম্প্ৰতি ঘৰৰ পৰাই কাম কৰিছে। বঙ্গত এতিয়াও বাকী তিনিটা পৰ্যায়ৰ নিৰ্বাচন। ২২, ২৬ আৰু ২৯ তাৰিখত হ’ব ভোটগ্রহণ। এনে পৰিস্থিতিত দুই গুৰুত্বপূর্ণ পদত থকা ব্যক্তি কৰোনা আক্রান্ত হোৱাত স্বাভাবিকভাবেই উদ্বেগত নির্বাচন আয়োগৰ অন্যান্য উচ্চপদস্থ বিষয়াসকল।










