![]()
নিউজ ডেস্কঃ
দিল্লীত কৰোনা সংক্রমণৰ পূৰ্বৰ সকলো ৰেকর্ড ভাঙিছে। দৈনিক আক্রান্তৰ সংখ্যা ২৫ হাজাৰ অতিক্ৰম কৰি গৈছে। এই পৰিস্থিতিত দিল্লীত সোমবাৰে নিশা ১০ বজাৰ পৰা অহা সোমবাৰৰ পুৱা ৫টা পর্যন্ত অর্থাৎ ৬ দিনৰ লকডাউন জাৰি কৰিলে অৰবিন্দ কেজৰিৱাল চৰকাৰে।
দিল্লী চৰকাৰে জনোৱা মতে, লকডাউন চলি থকা অৱস্থাত চৰকাৰী কাৰ্যালয়, জৰুৰী অর্থাৎ খাদ্য আৰু স্বাস্থ্য সেৱা চলি থাকিব। বেচৰকাৰী কাৰ্যালয়ৰ কর্মচাৰীসকলক ঘৰৰ পৰা কাম কৰাৰ নির্দেশ দিয়া হৈছে। ইয়াৰ উপৰি ৫০ জন নিমন্ত্রিত অতিথিৰে বিয়াৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছে। অৱশ্যে ইয়াৰ বাবে পৃথকভাবে অনুমতি ল’ব লাগিব।
উল্লেখযোগ্য যে দেওবাৰে দিল্লীত কৰোনা আক্রান্তৰ সংখ্যা ২৫ হাজাৰ ৪৬২, যিটো এই পর্যন্ত এটা দিনত সর্বাধিক। ৰাজধানীত সংক্রমণ হাৰ ৩০ শতাংশত উপস্থিত হৈছে। বিগত ২৪ ঘণ্টাত সংক্রমণ হাৰ বাঢ়িছে ৬ শতাংশ।









