ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কৰ’নাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ দেশৰ লগতে কাৰবি আংলঙত কৰনাক্ৰান্তৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰা বুলি জিলা প্ৰশাসনৰ এক বিবৃতিত প্ৰকাশ ৷
উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাৰ স্বাক্ষৰিত নিৰ্দেশনাটোত উল্লেখ আছে জিলা স্বাস্থ্য আৰু যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ পৰা তথ্য অনুসৰি ১৮ এপ্ৰিললৈকে ১১০ টা সক্ৰিয় কৰ’নাক্ৰান্ত ৰোগী আছে । লগতে পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত জিলা প্ৰশাসনে কাইলৈৰ পৰা জিলাখনৰ সকলো চৰকাৰী আৰু বে-চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ ঘোষণা কৰিছে ।













