![]()
নিউজ ডেস্কঃ
অক্সিজেনৰ অভাৱত ৭ কৰোনা আক্রান্তৰ মৃত্যু হ’ল মহাৰাষ্ট্রত। ৰাজ্যখনৰ ভাছাই এলেকাত নালাছুপাৰাৰ এখন হস্পিটেলত এই ঘটনা সংঘটিত হৈছে। অৱশ্যে হস্পিটেল কর্তৃপক্ষৰ দাবী, অক্সিজেনৰ যোগানত কোনো ঘাটি নাই। অন্য জটিল ৰোগ থকাৰ কাৰণেহে আক্রান্তসকলৰ মৃত্যু হৈছে, অক্সিজেনৰ অভাৱত নহয়। কিন্তু ৰোগীৰ আত্মীয়সকলৰ দাবী, কৰোনা আক্রান্তৰ চিকিৎসা চলি থাকোতেই হঠাৎ অক্সিজেন সেৱা বন্ধ হৈ যোৱাত মৃত্যু হৈছে ৭ জনৰ। মহাৰাষ্ট্রত ঊৰ্ধমুখী কৰোনা সংক্রমণত প্রবল চাপ সৃষ্টি হৈছে চিকিৎসা ব্যৱস্থাত।









