![]()
নিউজ ডেস্কঃ
এবছৰ আগৰ দৃশ্যবোৰ যেন পুনৰ ঘূৰি আহিছে। কৰোনা সংক্রমণ আৰু তাত মৃত্যুৰ হাৰ বাঢ়িছে দিনক দিনে। ছত্তিছগড়ৰ ৰাজধানী ৰায়পুৰৰ এখন হস্পিটেলত কোভিডত আক্ৰান্তৰ মৃতদেহ পৰি থকা দেখা গ’ল মর্গৰ বাহিৰতেই। যোৱা বছৰো এনে ধৰণৰ কৰুণ দৃশ্য দেখুৱাইছিল এই অতিমাৰিয়ে।
ৰায়পুৰৰ ভীমৰাও আম্বেদকাৰ হস্পিটেলত কোভিডত আক্রান্তসকলৰ চিকিৎসা চলিছে। হঠাৎ বাঢ়িছে মৃত্যুৰ হাৰ। মর্গৰ বাহিৰত মৃতদেহ পৰি থকাৰ ঘটনা আগৰ বছৰো ঘটিছিল। ৰায়পুৰৰ প্রধান স্বাস্থ্য বিষয়া মীৰা বাঘেলে জনোৱা মতে, মৃত্যুৰ হাৰ ইমান বাঢ়িব পাৰে বুলি তেওঁলোকে ভাবিবই পৰা নাছিল। হস্পিটেলখনৰ মর্গত একেলগে ২০-৩০টা মৃতদেহ ৰাখিব পৰা যায়, কিন্তু ৫০-৬০ জনৰ মৃত্যু হ’লে কি কৰিব পৰা যাব বুলি ওলোটাই প্রশ্ন কৰে স্বাস্থ্য বিষয়াগৰাকীয়ে।









