![]()
নিউজ ডেস্কঃ
কোভিশিল্ড, কোভেক্সিনৰ পিছত কৰোনাৰ তৃতীয় টীকা লাভ কৰিবলৈ আগবাঢ়িছে ভাৰত। ৰাছিয়াত তৈয়াৰী স্পুটনিক-ভি টীকাক জৰুৰী ব্যৱহাৰৰ অনুমতি-পত্র দিলে কেন্দ্রীয় চৰকাৰে। ৰাছিয়া এই টীকা ৫৯খন দেশত ব্যৱহাৰ হৈছে আৰু ই প্রায় ৯২ শতাংশ কার্যকৰী বুলি জনা গৈছে। তৃতীয় টীকা হিচাবে এইবাৰ ভাৰতেও লাভ কৰিবলৈ আগবাঢ়িছে স্পুটনিক ভি। ইয়াৰ ফলত দেশত টীকাৰ চাহিদা বহুখিন পূৰণ হ’ব বলে আশা কৰা হৈছে।
উল্লেখ্য, সকলোতকৈ আগতে ৰাছিয়াই স্পুটনিক ভি আৱিষ্কাৰৰ কথা জনাইছিল। তাৰ পিছত ভাৰতৰ বজাৰলৈ আহে কোভিশিল্ড আৰু কোভেক্সিন। যোৱা জানুৱাৰীৰ পৰাই দেশত চলিছে টীকাকৰণ।









