ASSAM TIMES POST
নগাঁও: বিগত লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী ৰাজেন গোঁহাই আৰু বিধায়ক ৰূপক শৰ্মাৰ মাজত সৃষ্টি সংঘাতখন পুনৰ সক্ৰিয় হৈ উঠিছে ।
অহা ১ ছেপ্টেম্বৰত অনুষ্ঠিত হব লগা নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি পদৰ বাবে প্ৰতিদন্দ্বিতাত নামিছে এই দুয়োগৰাকী বিজেপি নেতা। নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি পদত প্ৰতিদন্দ্বিতা কৰিবৰ বাবে বিধায়ক ৰূপক শৰ্মাই কালি মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছত আজি প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইয়ে উক্ত পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে।
বিগত লোকসভা নিৰ্বাচনত ৰূপক শৰ্মাৰ বাবেই দলীয় টিকটৰ পৰা বঞ্চিত হোৱা বুলি সততে অভিযোগ উত্থাপন কৰি অহা প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁয়ে নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি পদৰ প্ৰতিদন্দ্বিতাক লৈ পুনৰ সোচ্চাৰ হৈ পৰে ৰূপক শৰ্মাৰ বিৰুদ্ধে।
এই সন্দৰ্ভত আজি প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহায়ে সংবাদ মাধ্যমৰ আগত কয় যে মই তেওঁক আমন্ত্ৰন কৰি আনি বিজেপিত যোগদান কৰাইছিলো।বিধায়ক নিৰ্বাচনৰ সময়তো যথেষ্ট সহায় কৰি তেওঁক বিজয়ী কৰাইছিলো।ভাতৃৰ দৰে ভাবিছিলো।
মই মন্ত্ৰীহৈ থাকোতেও তেওঁৰ কোনো কামত হকা বাধা কৰা নাছিলো।বৰ্তমান মোক বহুজনে নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি পদত প্ৰতিদ্বন্দিতা কৰিবলৈ অনুৰোধ জনোৱাতহে মই প্ৰতিদ্বন্দিতা কৰিব বিচাৰিছো।কিন্তু তাৰ পৰাও তেওঁ মোক বঞ্চিত কৰিব বিচাৰিছে।নিৰ্বাচনত হৰা-জিকা আছেই।
গতিকে কোনো কথা নাই। কিন্তু মৰেলিটি বুলি এটা কথা আছে।তেওঁ প্ৰতিদ্বন্দিতা কৰাটোৱে সেইটো যে নাইr তাক প্ৰমাণ কৰিছে।প্ৰসংগক্ৰমে প্ৰাক্তন মন্ত্ৰী গোঁহায়ে ৰূপক শৰ্মাৰ বাবেই তেওঁ বিগত লোকসভা নিৰ্বাচনত দলীয় টিকটৰ পৰা বঞ্চিত হৈছিল বুলি ক্ষোভ উজাৰে।
ইপিনে বিধায়ক ৰূপক শৰ্মাৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্রী গোহাঁয়ে বিষেদগাৰ প্ৰকাশ কৰা সময়তে বিধায়ক ৰূপক শৰ্মাই কয় যে নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি পদৰ বাবে মই প্ৰথমে মনোনয়ন পত্ৰ দাখিল কৰিছিলো।
প্ৰাক্তন সাংসদ গৰাকীয়ে মনোনয়ন পত্ৰ প্ৰদান কৰিব বুলি মোক এবাৰো কোৱা নাছিল।নগাঁও ক্ৰীড়া সংস্থাকে ধৰি নগাঁৱৰ ক্ৰীড়া ক্ষেত্ৰখনৰ উন্নয়নৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি মোক বিভিন্ন ক্লাৱৰ সদস্য সকলে আহ্বান জনাইছিল প্ৰতিদন্দ্বিতা আগবঢ়াবলৈ।
সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি পদত প্ৰতিদ্বন্দিতা কৰিছো।মোৰ লক্ষ্য নগাঁও ক্ৰীড়া সংস্থাৰ উন্নয়ণ। উল্লেখ্য, বিজেপি দলৰ এই দুই নেতাৰ এনে বাক বিতণ্ডাই নগাঁও বিজেপিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।