ASSAM TIMES POST
শিৱসাগৰঃ শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
আৰক্ষী অধীক্ষক অমিতাভ সিনহাই কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেই শাৰীৰিক, মানসিক নিৰ্যাতনৰ সন্মুখীন হৈ পৰমানন্দ য়েইন নামৰ কনিষ্টবল এজনৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে মৃত কনিষ্টবলজনৰ পত্নী ফুলেশ্বৰী গগৈ য়েইনে৷
পৰমানন্দ য়েইন নামৰ কনিষ্টবলজনৰ ২৭ আগষ্টৰ নিশা ১১.২০ বজাত মৃত্যু হৈছিল শিৱসাগৰস্থিত আদিত্য নাৰ্চিং হোমত৷
কনিষ্টবলজনৰ মৃত্যুৰ পাছতেই আৰক্ষী অধীক্ষক গৰাকীৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰিছে পৰমানন্দ য়েইনৰ পত্নীয়ে৷
উল্লেখ্য যে ২০ আগষ্টৰ নিশা জয়সাগৰ আৰক্ষী চকীত সংঘটিত হৈছিল এক অপ্ৰীতিকৰ পৰিস্থিতি৷
আৰক্ষী চকীখনলৈ এজাহাৰ দাখিল কৰিবলৈ অহা আক্ৰাছুৰ জিলা সভাপতি মৃণাল দত্ত আৰু সম্পাদক শশাংক দত্তক আৰক্ষী চকীৰ ভিতৰতে বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই সময়ত জয়সাগৰ আৰক্ষী চকীত কৰ্মৰত পৰমানন্দ য়েইনৰ লগতে তিনি আৰক্ষীৰ বিৰুদ্ধে৷
আৰক্ষীৰ বিৰুদ্ধে আক্ৰাছু নেতাৰ বেয়া ব্যৱহাৰৰ অভিযোগৰ বিপৰীতে পৰমানন্দ য়েইনসহ তিনি আৰক্ষীয়ে অভিযোগ কৰি এজাহাৰ দাখিল কৰিছিল৷
এজাহাৰত আক্ৰাছুৰ নেতা কেইজনে অকৰ্তৃত্বশীলভাৱে আৰক্ষী চকীৰ লকআপকে ধৰি আৰক্ষী চকীৰ ভিতৰৰ ফটো সংগ্ৰহ কৰিছিল৷ যাৰ বাবে শিৱসাগৰ সদৰ আৰক্ষী থানাত পৰমানন্দ য়েইনে আক্ৰাছু নেতাদ্বয়ৰ বিৰুদ্ধে দিছিল এজাহাৰ৷ ৰুজু হৈছিল ৭৭৬/১৯ নম্বৰত জামিন বিহীন ধাৰাত গোচৰ৷
কিন্তু আজিকোপতি কনিষ্টবলজনৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত আক্ৰাছু নেতাক সাধাৰণ সোধপোছৰ বাবে মাতিবলৈও সময় নহ’ল আৰক্ষীৰ৷ এক অৰ্থত নিজৰ ঘৰখনতে ন্যায় বঞ্চিত হ’ল কনিষ্টবলজন৷
বিপৰীতে আক্ৰাছুৰ নেতাই কোনো লিখিত অভিযোগ নিদিয়াৰ পাছতো পৰমানন্দ য়েইনৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে শিৱসাগৰ আৰক্ষী অধীক্ষকে৷
কনিষ্টবলজনক পুলিচ ৰিজাৰ্ভলৈ শাস্তুিমূলক বদলি কৰাৰ লগতে শিৱসাগৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ চোতাল আৰু শিৱসাগৰ পুখুৰী পাৰত প্ৰখৰ ৰ’দত দৌৰিবলৈ দি শাস্তি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে মৃত কনিষ্টবলজনৰ পত্নীয়ে৷
শাৰীৰিকভাৱে অসুস্থ আৰু পূৰ্বৰ পৰা ভৰিৰ হাড়ৰ সমস্যাত ভোগা কনিষ্টবলজনক ২১ আগষ্টৰ পৰা প্ৰতিদিনে দৌৰাই শাস্তি বিহাৰ বাবেই ২৬ আগষ্টৰ পৰা কনিষ্টবলজনৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটা বুলি বিস্ফোৰক অভিযোগ কৰে পত্নীয়ে৷
অসুস্থ হৈ দৌৰিব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পাছতো দৌৰিবলৈ বাধ্য কৰোৱা হৈছিল কনিষ্টবলজনক৷ অসুস্থতাৰ বাবে ঘৰলৈ যোৱাৰ পাছতো ঘৰৰ পৰা আনি দৌৰাইছিল পৰমানন্দ য়েইনক—এনেদৰে অভিযোগ কৰে মৃত কনিষ্টবলজনৰ পত্নীয়ে৷
অৱশেষত ২৭ আগষ্টত গুৰুতৰভাৱে অসুস্থ কনিষ্টবলজনক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ২৭ আগষ্টৰ নিশা মৃত্যু ঘটে পৰমানন্দ য়েইন নামৰ কনিষ্টবলজনে৷












