ASSAM TIMES POST
গুৱাহাটীঃ যোৱা জুলাই, আগষ্টত অসমৰ প্রায় সকলো জিলাতে বানে প্রলয়ঙ্কাৰী ৰূপ ধাৰণ কৰি জন-জীৱনৰ লগতে ঘৰ-বাৰী, খেতি-মাটি আদি বিধ্বস্ত কৰি থৈ যায়। বান বিধ্বস্ত দুৰ্গতসকলৰ মাজত অসমৰ ৰাইজৰ লগতে দেশ-বিদেশৰো সহস্ৰ জনে সাধ্য অনুসৰি সহায়-সহযোগিতা আগবঢ়াই দুৰ্গতসকলৰ প্রতি সমৰ্মিতা প্রকাশ কৰাৰ লগতে মানৱতাবোধৰ নিদৰ্শন দাঙি ধৰিছে।

মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজি প্রসাৰ আৰু প্রচাৰ কৰাৰ উদেশ্যৰে সংগঠিত হোৱা অসমৰ নামঘৰীয়া সকলৰ অনুষ্ঠান ‘সদৌ অসম নামঘৰীয়া সমাজ’ৰ সদস্য সকলে যোৱা ১২ আগষ্ট তাৰিখে পবিত্র ঈদৰ দিনা সৰ্থেবাৰীৰ গুমৰা সত্রত আশ্রয় লৈ থকা ৫০ টাৰো অধিক বানাক্ৰান্ত পৰিয়ালৰ মাজত কাপোৰ আৰু খাদ্য বস্তুৰ লগতে প্রায় ১২ বিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ একোটাকৈ বান সাহায্যৰ টোপোলা বিতৰণ কৰে।

উক্ত বান সাহায্য কাৰ্যসূচীত অংশগ্রহন কৰে সদৌ অসম নামঘৰীয়া সমাজৰ মুখ্য সম্পাদক ৰাতুল গোস্বামীৰ লগতে কেন্দ্রীয় সমিতিৰ ৰমেশ ৰাজবংশী, গোপাল ভকত, গোপীনাথ বৈশ্য, শুভৰাম বৰাকে প্রমুখ্য কৰি বহু কেইজন সদস্যই।

উল্লেখযোগ্য যে ইয়াৰ আগতেও যোৱা ২৮ জুলাই তাৰিখে নামঘৰীয়া সমাজৰ অতি দুখীয়া নামঘৰীয়া সকলে আনন্দনগৰ উন্নয়ন সমিতিৰ সহযোগত মঙ্গলদৈৰ গৰুবন্ধাত ৭৫ টাৰো অধিক বানাক্ৰান্ত পৰিয়ালক বান সাহায্য বিতৰণ কৰা কাৰ্যক ৰাইজে আদৰণি জনাইছে।














