ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাত মহকুমাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত ৰজাবাৰী অঞ্চলৰ সুন্দৰ আৰু সুস্থ শৈক্ষিক বাতাবৰণ গঢ়ি তোলাত বিশেষ ভূমিকা লৈ আহিছে অঞ্চলটোৰ মাধ্যমিক শিক্ষাৰ কেন্দ্ৰ ৰজাবাৰী হাইস্কুলে। যোৱা ২৬ আগষ্টত ৰজাবাৰী হাইস্কুলত অটল টিনকাৰিং পৰীক্ষাগাৰ উদ্বোধন কৰা হয়।
পৰীক্ষাগাৰটো উদ্বোধন কৰে ইউনাইটেত বেংক অফ ইণ্ডিয়াৰ বোকাখাত শাখাৰ পৰিচালক দীপ কুমাৰ বৰুৱাই৷ এই উদ্দেশ্যে আয়োজিত সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ডঃ অৰুণ বৰাই।

বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ললিত সন্দিকৈয়ে৷ সভাৰ আৰম্ভণি হয় বিদ্যালয়ৰ ছাত্ৰী প্ৰাচীপ্ৰিয়া দত্ত, পৰিশ্মিতা দাস আৰু কবিতা শইকীয়াৰ দ্বাৰা পৰিবেশিত ভূপেন হাজৰিকাৰ গীতেৰে৷ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পাৰুল দেৱীয়ে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আমন্ত্ৰিতসকলক সম্বৰ্ধনা জনোৱা হয়। পৰীক্ষাগাৰ উদ্বোধক দীপ কুমাৰ বৰুৱাই উদ্বোধনী ভাষণ প্ৰদান কৰে।
নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক বিদ্যুৎ বিকাশ শইকীয়াই আধুনিক বৈজ্ঞানিক চিন্তা চৰ্চা আৰু ছাত্ৰ- ছাত্ৰীৰ শৈশৱৰ অৱস্থাৰ পৰাই ইয়াৰ সতে ব্যবহাৰিক দিশত বাহিৰৰ উন্নত দেশ সমুহৰ দৰেই সম্পৰ্ক গঢ়ি তোলাৰ বাবে বিশদ ব্যাখ্যা আগবঢ়ায়। ললিত সন্দিকৈয়ে বক্তব্য আগবঢ়োৱাৰ অন্তত বিদ্যালয়খনৰ প্ৰাচীৰ পত্ৰিকা “নিয়ৰৰ মুকুতা” উন্মোচন কৰে কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পূৰৱী গোহাঁইয়ে।
ছাত্ৰী জোনাক প্ৰিয়া খাৰঘৰীয়াই কবিতা আবৃত্তি আৰু সৌৰভ বৰুৱাই বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত নৃত্য প্ৰদৰ্শন কৰে।বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ বিজয় শৰ্মাই বিদ্যালয়খনিলৈ এশ নেমু পুলি দিয়াৰ কথা জনায়৷

সভাত পৰঙ্গনীয়া হাইস্কুলৰ প্ৰধান শিক্ষক সুশীল শৰ্মা, নুমলীগড় হাইস্কুলৰ প্ৰধান শিক্ষক মহেন শইকীয়া, অসম অধিবিদ্যা পৰিষদৰ গোলাঘাট জিলাৰ সম্পাদক ফটিক গগৈ, সহ সম্পাদক দিলীপ ফুকন, সাংবাদিক অমৰ শৰ্মা, শিক্ষক প্ৰশান্ত শৰ্মা, বৰচাপৰি ক্লাষ্টাৰৰ চি আৰ চি চি দিপক বৈৰাগীৰ লগতে বিদ্যালয়ৰ সমুহ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ অৰুণ বৰাই সভাপতি ভাষণ প্ৰদান কৰাৰ পাছতে শিক্ষক অখিল দত্তয়ে সকলোকে শলাগ লয়। জাতীয় সংগীত পৰিবেশ কৰাৰ পাছতে অনুষ্ঠানৰ সামৰণি পৰে৷












