ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূব বনাঞ্চল অগৰাতলি ৰেঞ্জৰ সমীপৰ গৰুমৰা জানৰ পাৰত সোমবাৰে দেৱজিত গগৈৰ দ্বাৰা সংৰক্ষিত ২০ টাকৈ পক্ষীকুলৰ খাদ্যৰ ভঁৰাল বৰগছৰ পুলি ৰোপণ কৰা হয়।
এই উপলক্ষে অগৰাতলি বনাঞ্চলৰ প্ৰৱেশ দ্বাৰত আয়োজিত এক অনুষ্ঠানত ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া, পৰিৱেশকৰ্মী তথা গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী, গোলাঘাট অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, বিশিষ্ট লেখক অৰ্ণৱ শইকীয়া, সহকাৰী বন সংৰক্ষক অৰুণ বিঘ্নেশ, ঋতুপৱন বৰা, বানাঞ্চলিক বিষয়া বিদ্যুৎ বিকাশ বৰা, বোকাখাতৰ সাংবাদিক দিব্যজ্যোতি হাজৰিকা, শিক্ষক ৰূপজ্যোতি ফুকন আৰু সুদিপ্ত তামুলী আদি উপস্থিত থাকে।

এই সন্দৰ্ভত চাহ আৰু সাঁচিৰ খেতিয়ক দেৱজিত গগৈয়ে প্ৰকাশ কৰে যে বৰগছৰ ২০ টা পুলি নিজে সংৰক্ষন কৰি ৰোপন কৰিবলৈ পায় অতিশয় আনন্দিত বুলি উল্লেখ কৰাৰ লগতে আজিৰ এই কাৰ্যসুচীত বিশেষভাৱে সহযোগিতা আগবঢ়োৱা বিশিষ্ট পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীকো ধন্যবাদৰ পাত্ৰ বুলি উল্লেখ কৰে৷
লগতে গৰুমৰা জানৰ পাৰত বন্যপ্ৰাণীৰ লগতে পৰ্যটকৰ সহায় হোৱাকৈ ৰোপন কৰাৰ কথা দেৱজিত গগৈয়ে জনায়৷ তেওঁ লগতে কয়, ‘বৰগছে একোখন কাঠনিৰ কাম কৰে। বৰগছ সংৰক্ষণ প্ৰচেষ্টা হাতত লোৱা সম্পৰ্কতো জানিবলৈ দিয়ে৷
ইয়াৰোপৰি এই বৰগছে বানাক্ৰান্ত অঞ্চলটোত গঢ়াখহনীয়া ৰোধ কৰাৰ উপৰিও প্ৰায় ৬০ প্ৰজাতিৰ চৰাইক আহাৰ যোগানো ধৰিব বুলি মন্তব্য কৰে।













