ASSAM TIMES POST
গোসাইগাঁওঃ কোকৰাঝাৰৰ গোসাইগাঁও মহাবিদ্যালয়ত মঙলবাৰৰপৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ৷ আইচিএছএছআৰ ৰ সৌজন্যত আৰু গোসাইগাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ তত্বাৱধানত আয়োজিত এই আলোচনা চক্ৰত নেপাল, বাংলাদেশ, শ্ৰীলংকাকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰপৰা আমন্ত্ৰিত শিক্ষাবিদ তথা বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে৷ আলোচনাৰ বিষয় ‘Gender and Development: A Global Perspective’।
গোসাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নিৰ্জয় কুমাৰ ব্ৰহ্মই পৰিচালনা কৰা আলোচনা চক্ৰখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত নিমন্ত্ৰিত অতিথিসকলৰ পৰিচয় দাঙি ধৰে আলোচনা চক্ৰৰ আহ্বায়ক তথা প্ৰৱক্তা ড° দীনেশ দাসে আৰু উদ্বোধনী ভাষণ দিয়ে অৱসৰপ্ৰাপ্ত প্ৰৱক্তা পৰমেশ্বৰ ব্ৰহ্মই৷ আদিতে মহাবিদ্যালয়ৰ ছাত্ৰীসকলে বিভিন্ন জাতি-জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰে৷












