ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ অসমৰ সত্ৰীয়া ধৰ্ম সংস্কৃতিৰ অন্যতম চৰ্চাভূমি বোকাখাত মহকুমাৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত কুৰুৱাবাহীৰ ১৯৭১ চনতে প্ৰতিষ্ঠিত কুৰুৱাবাহী সমবায় সমিতিয়ে যোৱা ২৬ আগষ্ট তাৰিখে নিজা পুঁজিৰে ক্ৰয় কৰি সমিতিৰ ব্যৱসায়ৰ বাবে শুভাৰম্ভ কৰিছে এখন মালবাহী ট্ৰাকৰ।

উল্লেখ্য যে ১৯৭৩ চনত তদানীন্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ পৰা অসমৰ সৰ্বশ্ৰেষ্ঠ সমবায় সমিতিৰ সন্মান লাভ কৰিছিল এইখন সমবায় সমিতিয়ে। ১২.২৯ লাখ টকাৰে ক্ৰয় কৰা বাহনখন নাম প্ৰসংগৰে এক মাংগলিক পৰিৱেশত উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই। উদ্বোধনৰ প্ৰাকমুহূৰ্তত বন্তি প্ৰজ্বলন কৰে বোকাখাত প্ৰেচ ক্লাবৰ সভাপতি ভবানন্দ কলিতাই।

কুৰুৱাবাহী গাঁও পঞ্চায়তৰ সভাপতি বিপুল দাসে আঁত ধৰা শুভাৰম্ভ অনুষ্ঠানত সমবায় সমিতিখনৰ সদস্য মণ্ডলী, এজেণ্টসকল আৰু ভালে সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকি এনে মহান কাৰ্যক প্ৰশংসা কৰে। সভাপতি বিপুল দাসে গাড়ীখনৰ ছাবি সম্পাদক সঞ্জীৱ দাসৰ হাতত অৰ্পণ কৰে।












