![]()
নিউজ ডেস্কঃ
পেনচিলভেনিয়াত ৬৮ বছৰ পিছত এজন ব্যক্তিক কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছে। তেওঁৰ বৰ্তমান বয়স ৮৩ বছৰ। ব্যক্তিজনে বিগত ৬৮ বছৰ ধৰি কাৰাগাৰৰ বাহিৰৰ পৃথিবী দেখা নাই। যাৰ কাৰণে তেওঁ নতুন বিশ্বত অচিনাকি। দেশ আৰু বিশ্বৰ পৰিবর্তন সম্পর্কে তেওঁ একোৱেই নাজানে।
নাম তেওঁৰ জোছেফ লিগন। যেতিয়া তেওঁ নাবালক আছিল তেতিয়া আমেৰিকাৰ আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। জোছেফৰ বয়স তেতিয়া মাত্র ১৫ বছৰ। ফিলাডেলফিয়াত জোছেফৰ বিৰুদ্ধে হত্যা, ডকাইতি আৰু দুজনক লাঞ্ছিত কৰাৰ অভিযোগ অনা হৈছিল। ১৯৫৩ চনত আদালতে জোছেফক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।
তাৎপর্যপূর্ণভাবে, ১৯৫৩ চনত জে’ললৈ যোৱাৰ পিছৰ পৰা জোছেফ লিগন কেতিয়াও পেৰেলত মুক্তি পোৱা নাই। জোছেফৰ বিৰুদ্ধে চার্লছ পিটছ আৰু জেকছন হেমক ছুৰিকাঘাত কৰি আহত কৰাৰ অভিযোগ অনা হৈছিল।
৬৮ বছৰ জে’লত থকাৰ পিছত, জোছেফ মার্কিন কাৰাগাৰত দীর্ঘতম সময় থকা অপৰাধী হিচাপে পৰিগণিত হৈছে। জোছেফে যোৱা সপ্তাহত শাস্তি শেষ কৰি মুক্তি পাইছে।










