![]()
নিউজ ডেস্কঃ
বিশ্বৰ সৰ্ববৃহৎ চিৰিয়াখানা এইবাৰ ভাৰতত। মোদীৰ ৰাজ্য গুজৰাটত এই চিৰিয়াখানাখন নিৰ্মাণ কৰিছে আম্বানি পৰিয়ালে। য’ত থাকিব কোমোডো ড্ৰেগনৰ পৰা আৰম্ভ কৰি চিতা, আফ্রিকাৰ সিংহ বা ভিন্ন প্রজাতিৰ পক্ষী। জামনগৰত বিৰল প্রজাতিৰ এই পশু-পক্ষীৰ সম্ভাৰ লৈ আহিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ। কোম্পানীটোৰ কর্পৰেট বিষয়ক সঞ্চালক পৰিমল নাথাবনিয়ে কয়, ‘অহা ২০২৩ চনৰ ভিতৰতেই নিৰ্মাণ হৈ উঠিব এই চিৰিয়াখানা। লগতে থাকিব এটি উদ্ধাৰ কেন্দ্রও।’
কিন্তু সমগ্র চিৰিয়াখানা নিৰ্মাণত মুঠ খৰচ কিমান হ’ব, সেই বিষয়ে এতিয়াও একো জনোৱা নাই ধনকুবেৰ মুকেশ আম্বানিয়ে। সংবাদ সংস্থাই জনাইছে, আম্বানিৰ এই বৃহত্তম চিৰিয়াখানাৰ নাম হ’ব ‘গ্রিনছ জুলজিকেল ৰেছকিউ এণ্ড ৰিহেবিলেচন কিংডম।’ য’ত থাকিব ফ্রগ হাউছ, ড্ৰেগন আইলেণ্ড, লেণ্ড অব ৰোডেন্ট, একোয়াটিক কিংডমসহ একাধিক বিভাগ। ইয়ালৈ অনা হ’ব আফ্রিকাৰ সিংহ, চিতা, জাগুৱাৰ, নেকড়ে, হিপ্পো, ওৰাংওটাং, বেঙ্গল টাইগাৰসহ দেশ-বিদেশৰ একাধিক প্রাণী। জানিব পৰা মতে, ২৮০ একৰৰো অধিক অঞ্চলজুৰি গঢ়ি উঠিব এই চিৰিয়াখানা। চিৰিয়াখানাখনৰ যাৱতীয় দায়িত্বত আছে মুকেশ আম্বানিৰ কনিষ্ঠ পুত্র অনন্ত আম্বানি।










