নিউজ ডেস্কঃ
এটি ব্যক্তিগত সংবাদ মাধ্যমক আলফা স্বাধীন আৰু NSCN-K য়ে জনালে নিজ সিদ্ধান্ত। যোৱা দুদিন ধৰি চলা ব্যৰ্থ আলোচনাৰ পিছত কুইপ’ৰ সৈতে আৰু কোনোধৰণৰ কথা নাপাতে উক্ত দুয়োটা সংগঠনে। যিকোনো মুহুৰ্ততে অপহৃত ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈক চৰম শাস্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দুই সংগঠনে। আনহাতে, এই সিদ্ধান্তৰ বাবে কুইপ’, অইল আৰু চৰকাৰ দোষী হ’ব বুলিও ঘোষণা কৰে।