স্বাস্থ্য প্ৰতিবেদন:
আপোনাৰ পেশীৰ বিষ, অনিদ্রা, অৱসাদ আৰু মাইগ্রেন থাকিলে উপেক্ষা নকৰিব। এয়া মেগনেচিয়ামৰ অভাৱৰ কাৰণেও ঘটে। আমাৰ দেহৰ গঠনত মেগনেচিয়ামৰ এক বিশেষ ভূমিকা আছে যিয়ে আমাক বহু ৰোগৰ পৰা ৰক্ষা কৰে।
কেলচিয়াম আৰু বোৰিয়ামৰদৰে মেগনেচিয়ামো এবিধ ক্ষাৰীয় উপাদান। সাম্প্রতিক গৱেষণাইও প্রমাণ কৰিছে যে ই গ্লুকোজ সৃষ্টি কৰিবলৈ দেহত উপস্থিত এনজাইমৰ সৈতে কাম কৰে আৰু একে লগতে ইনছুলিন সৃষ্টি প্রক্রিয়া বজায় ৰাখে।
এক কথাত ক’ব পৰা যায় যে মেগনেচিয়ামযুক্ত খাদ্য খালে টাইপ-২ ডাযয়েবেটিছৰ সম্ভাৱনা বহুখিনি কমি যায়। ই আমাৰ স্মৃতি শক্তিশালী কৰি তোলে। উচ্চ ৰক্তচাপ, হৃদৰোগ, অৱসাদ, মাইগ্রেন আৰু আর্থ্রাইটিছৰ দৰে সমস্যা প্রতিৰোধতো সহায়ক। কেৱল সেয়াই নহয়, ই কেলচিয়ামৰ সৈতে মিহলি হৈ হাড়ক শক্তিশালী কৰি তোলে। ই অনাগত সন্তানৰ বিকাশৰ বাবেও খুব গুৰুত্বপূর্ণ।
শৰীৰত মেগনেচিয়াম সৰবৰাহৰ বাবে বাহ্যিক পৰিপূৰক গ্রহণৰ পৰিবর্তে যদি আপুনি এই বস্তুবোৰ আপোনাৰ ডায়েটত নিয়মিত অন্তর্ভুক্ত কৰে তেতিয়া এইটো আৰু অধিক উপকাৰী হ’ব।
বাদাম :
ই মেগনেচিয়ামৰ শ্ৰেষ্ঠ উৎস। প্রতিদিনে পানীত ভিজাই ৰখা পাঁচটা বাদাম খালে স্মৃতিশক্তি বাঢ়িব আৰু স্নায়ুতন্ত্রৰ সৈতে সম্পর্কিত ৰোগ প্রতিৰোধ কৰে।
সেউজীয়া শাক-পাচলি :
এইবোৰ আয়ৰনৰ উপৰি মেগনেচিয়ামৰ খুব ভাল উৎস। শাক-পাচলিয়ে দেহত হিমোগ্লোবিনৰ মাত্রা বঢ়ায় আৰু পেশী শক্তিশালী কৰাতো সহায় কৰে।
দৈ :
ই কেলচিয়াম আৰু মেগনেচিয়ামৰ উৎস ।
কল :
ইয়াত পটাচিয়ামৰ উপৰি প্রচুৰ পৰিমাণে মেগনেচিয়ামৰ পোৱা যায়।ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে স্মৃতিশক্তি বৃদ্ধিৰো সহায়ক।













