ASSAM TIMES POST
জীতেন বৰকটকী, নগাঁওঃ নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ ৰীতা কৰৰ আদালতে আজি এক ৰায়দান যোগে বোৱাৰী হত্যাৰ এক গোচৰত দোষী সাব্যস্ত কৰি একেটা পৰিয়ালৰে চাৰিজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।
গোচৰীয়া পক্ষৰ হৈ উকালতি কৰা নগাঁও আদালতৰ জেষ্ঠা চৰকাৰী অধিবক্তা বিভা ফুকনে জানিবলৈ দিয়া মতে, নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত দগাঁৱৰ ইমামুল হক নামৰ এজন লোকে তেওঁৰ পৰিয়ালৰ আন লোকৰ সৈতে মিলি তেওঁৰ পত্নী তথা তিনিটা সন্তানৰ মাতৃ আঞ্জুমা বেগমক যোৱা ২০০৭ চনৰ ২৭ ডিচেম্বৰৰ নিশা দলবদ্ধ ভাবে মাৰপিট কৰি হত্যা কৰে।
ঘটনা সন্দৰ্ভত আঞ্জুমাৰ পিতৃ আহমেদ আলীয়ে স্থানীয় জুৰীয়া আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ২০৫/২০০৭ নম্বৰত এক গোচৰ ৰুজু কৰি সংশ্লিষ্ট আদালতত অভিযোগনামা দাখিল কৰে।
সাক্ষী-বাদী গ্ৰহণৰ পিছত নগাঁৱৰ জিলা ও সত্ৰ ন্যায়াধীশ ৰীতা ক’ৰৰ আদালতে আজি মূল অভিযুক্ত তথা মহিলা গৰাকীৰ স্বামী ইমামুল হক(৩৬), ভাতৃ তজ্জমল(২৭), তেওঁৰ পিতৃ-মাতৃ ক্ৰমে আব্দুল খালেক(৭০) আৰু ৰহিমা খাতুন(৬০)ক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে দহ হাজাৰ টকাৰ জৰিমনা বিহে। জৰিমনা আদায় দিব নোৱাৰিলে অতিৰিক্ত ছয় মাহৰ জেল খাটিব লাগিব হত্যাকাৰীসকলে।












