স্বাস্থ্য প্ৰতিবেদন:
এলোভেৰা জেল:
ছালৰ সমস্যাত এলোভেৰা জেলৰ ব্যাপক প্ৰভাৱ আছে। নিশা শুবলৈ যোৱাৰ আগতে ভৰিপটাক ভালদৰে পৰিষ্কাৰ কৰি এলোভেৰা জেল লগাই লওক। পিছদিনা পুৱা উঠি পানীৰে ধুই পেলাওক। এনেদৰে কেইদিনমান ব্যৱহাৰ কৰক দেখিব আপোনাৰ ভৰিত হোৱা ক’লা দাগ দূৰ হৈ যাব।
নেমু আৰু চেনিৰ স্ক্রাব:
কুহুমীয়া পানীত ভৰি ভিজাই লওক। তাৰ পিছত এটুকুৰা নেমুৰ কোহঁত চেনি মিহলাই ভৰিত স্ক্রাব কৰক। দেখিব ভৰিৰ ছাল জলমলাই উঠিব।
নেমুৰ ৰস/বিলাহীৰ ৰস:
নেমু বা বিলাহীৰ ৰসক প্রাকৃতিক ব্লিচিং বোলা হয়। শৰীৰৰ যিকোনো দাগ দূৰ কৰিবলৈ উপযুক্ত ভূমিকা পালন কৰে নেমুৰ ৰস আৰু বিলাহীৰ ৰসে। ভৰিৰ এই ধৰণৰ দাগ দূৰীকৰণত সহায় কৰিব নেমু আৰু বিলাহীৰ ৰসে।
ভুল জোতা ব্যৱহাৰৰ ফলত ভৰিৰ ছালত কলচুৱা ৰঙা ধৰণৰ দাগৰ সৃষ্টি হয়। ফোম দিয়া নৰম চামৰাৰ জোতা ব্যৱহাৰ কৰক, ইয়াৰ ফলত ভৰিৰ ছাল ঠিকে থাকিব।













