ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ শাখা গোট ছাত্ৰ সন্থাৰ যোৱা ২৪ আগষ্টত বোকাখাত নাট্য মন্দিৰ প্ৰাংগনত বাৰ্ষিক প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায়। বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সত্যব্ৰত ভূঞাই।

সভাত উপস্থিত থাকে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দাদুল বৰা, সহকাৰী সাধাৰণ সম্পাদক দীপাংকৰ হাজৰিকা, মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মানৱ গগৈ, সাধাৰণ সম্পাদক গীতাৰ্থ শইকীয়া, মহকুমা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আৰু ক্ৰমে কমাৰগাঁও, বাদুলীপাৰ, নুমলীগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদক তথা বিষয়ববীয়াসকল।

প্ৰতিনিধি সভাখন উদ্বোধন কৰে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দাদুল বৰাই। সভাতে চন্দন ফুকনক সভাপতি আৰু মৃদুস্মিতা দত্তক সাধাৰণ সম্পাদক হিচাপে লৈ বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ নৱগঠিত আছু গোটৰ সমিতিখনৰ সম্প্ৰসাৰণ কৰি এখন ৫১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়।













