স্বাস্থ্য প্ৰতিবেদন:
গ্ৰীন টী শৰীৰৰ বাবে অত্যন্ত উপকাৰী। কিন্তু প্রতিদিনে ভুলকৈ খোৱা নাইতো! গ্ৰীন টী খোৱাৰ সময়ত যিবোৰ ভুল অধিকাংশ মানুহেই কৰে, সেইবোৰৰ প্ৰতি সর্তক হ’বলৈ কয় বিশেষজ্ঞসকলে।
তলত কিছু উল্লেখ কৰা হ’ল :
১. যিকোনো খাদ্য খোৱাৰ পিছতেই তৎক্ষণাৎ গ্ৰীন টী খাবলৈ নিষেধ কৰিছে বিশেষজ্ঞসকলে।
২. টোপনিৰ পৰা উঠি খালী পেটতেই বহুতে গ্ৰীন টী খায়। কিন্তু বিশেষজ্ঞসকলৰ মতে এইটো ভুল উপায়। ইয়াৰ ফলত হজমশক্তি নষ্ট হয়।
৩. সোৱাদ বঢ়াবলৈ চেনিৰ পৰিৱৰ্তে মৌ মিহলাই বহুতে গ্ৰীন টী খায়। কিন্তু বিশেষজ্ঞসকলে জনাইছে, একেবাৰে গৰম অৱস্থাত নহয়, মধ্যমীয়া গৰম গ্ৰীন টীত মৌ মিহলালে উপকাৰিতা পোৱা যায়।
৪. বহুতেই গ্ৰীন টী আৰু ঔষধ একেলগে খায়। ইয়াৰ ফলত শৰীৰৰ মাৰাত্মক ক্ষতি হয় বুলি চিকিৎসকে কয়।
৫. অতিৰিক্ত নহয়, দিনত ২-৩ কাপ গ্ৰীন টী খোৱাৰ পৰামর্শ দিছে বিশেষজ্ঞসকলে।
৬. আনহাতে, সোৱাদৰ বাবে কৃত্ৰিম ফ্লেভাৰযুক্ত গ্ৰীন টী খোৱাটো বহুতেই পছন্দ কৰে। কিন্তু বিশেষজ্ঞৰ মতে, ইয়াৰ ফলত গ্ৰীন টীৰ বিশেষ গুণ শৰীৰলৈ নাযায়। বৰং ক্ষতি কৰে।
৭. দুটা গ্ৰীন টী বেগ একেলগে ব্যৱহাৰ কৰিবলৈ মানা কৰিছে বিশেষজ্ঞসকলে।













