ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাতঃ গোলাঘাট জিলা সাহিত্য সভা আৰু পুৱতি সাহিত্য সভাৰ উদ্যোগত যোৱা ২৫ আগষ্ট তাৰিখে বোকাখাত পুৱতি সাহিত্য সভা ভৱনত জনসুহৃদ চিদানন্দ শইকীয়াৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। সভাৰ সভাপতিত্ব কৰে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই।
সভাৰ আৰম্ভণিতে বিশিষ্ট সাহিত্যিক টাবুৰাম টাইদ, ৰাজনীতিবিদ সুষমা স্বৰাজ, শৰৎ শইকীয়া, অৰুণ জেটলি, ঢেকিয়ালৰ বিশিষ্ট লেখিকা কল্পনা কাকতি প্ৰমুখ্যে বিগত পষেকত মৃত্যু বৰণ কৰা জ্ঞাত-অজ্ঞাত বিশিষ্ট ব্যক্তিসকলৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি মৌণ প্ৰাৰ্থনা কৰা হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, প্ৰাক্তন সভাপতিবৃন্দ ক্ৰমে ভবেশ শইকীয়া, অন্নদা শইকীয়া, মনোৰঞ্জন সেন, কল্পনা চেতিয়া, গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক দিলীপ কুমাৰ শৰ্মা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ক্ৰমে হেমেন হাজৰিকা, তফজ্জুল হক বৰবৰা, প্ৰাক্তন জিলা সভাপতি মহেশ্বৰ শইকীয়া, নুমলীগড় ভাস্বতী শাখা সাহিত্য সভাৰ সভাপতি অনুপ তামুলী, বোকাখাত পুৱতি সাহিত্য সভাৰ উপসভাপতি মিনতি দলে, বোকাখাত প্ৰেচ ক্লাবৰ সভাপতি ভবানন্দ কলিতা আদিয়ে।

সভাতে মহুৰামুখ শাখা সাহিত্য সভা, বোকাখাত মহকুমা ছাত্ৰ সন্থা, বোকাখাত আঞ্চলিক ছাত্ৰ সন্থা, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি, বোকাখাত মহকুমা চুতীয়া ছাত্ৰ সন্থা, বোকাখাত মহকুমা চুতীয়া জাতি সন্মিলন, কমাৰগাঁও লেখিকা সমাৰোহ সমিতি, বোকাখাত জিলা কৰ্মচাৰী পৰিষদ, বোকাখাত চাহ জনগোষ্ঠী সাহিত্য সভা, বোকাখাত মিচিং সাহিত্য সভা, বোকাখাত জ্যেষ্ঠ নাগৰিক সন্মিলন, বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিক সন্থাকে ধৰি বিভিন্ন দল-সংগঠনৰ সদস্যসকলৰ উপস্থিতিত ক্ৰমে ভবেশ শইকীয়াক সভাপতি, অপূৰ্ব বৰদলৈ আৰু মনোৰঞ্জন সেনক কাৰ্যকৰী সভাপতি, কল্পনা চেতিয়া, দিলীপ কুমাৰ শৰ্মা, মিনতি দলে, বীণা ৰাজকুমাৰী, সুবৰ্ণ শইকীয়া বৰদলৈক উপসভাপতি, গীতাঞ্জলি কলিতাক প্ৰধান সম্পাদক, ভবানন্দ কলিতা, জিতু শৰ্মা ৰাজখোৱা, ৰীণা কটকী, প্ৰশান্ত শইকীয়াক সম্পাদক, প্ৰদ্যুত মহন্ত, প্ৰদীপ শৰ্মা, গীতাৰ্থ শইকীয়া, লাচিত কাকতি, নমিতা বৰাক সহকাৰী সম্পাদক আৰু হেমেন হাজৰিকাক কোষাধ্যক্ষ হিচাপে লৈ জনসুহৃদ চিদানন্দ শইকীয়াৰ জন্ম শতবৰ্ষ উদযাপন সমিতিখন গঠন কৰা হয়। অহা ১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব লগীয়া চিদানন্দ শইকীয়া জন্ম শতবৰ্ষৰ বিভিন্ন কাৰ্যসূচী গোলাঘাট জিলাৰ বিভিন্ন স্থানত উদযাপনৰ সিদ্ধান্ত লোৱা হয়। তাৰ বাবে পৰৱৰ্তী পৰ্যায়ত পূৰ্ণাংগ সমিতি গঠন কৰি কাৰ্যসূচীসমূহ ৰূপায়ণৰ সিদ্ধান্ত লোৱা হয়।












