গোলাঘাটঃ গোলাঘাট জিলাৰ মৰঙি মৌজাৰ অন্তর্গত ফলঙনিৰ “বন্ধু” নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত দেওবাৰে ফলঙনি গাঁও পঞ্চায়তৰ প্রেক্ষাগৃহত এখনি হস্ততাঁত শিল্প আৰু পৰিৱেশ সংৰক্ষণ সজাগতা সভা অনুষ্ঠিত হৈ যায়৷
সংস্থাটোৰ সভাপতি ৰিণ্টু শইকীয়াই সভাপতিত্ব কৰা সভাখনত প্রায় অৰ্ধশতাধিক মহিলাৰ উপস্থিতিত অঞ্চলটোৰ মহিলাসকল স্বাৱলম্বী হ’ব পৰাকৈ হস্ততাঁত শিল্পৰ সম্পর্কত আলোচনা কৰে৷
এই সভাত হস্ততাঁত শিল্পৰ লগত জড়িত মহিলা কল্পনা শইকীয়া উপস্থিত থাকি এই শিল্পৰ জড়িয়তে মহিলাসকল কিদৰে স্বাৱলম্বী হ’ব পাৰে তাৰ ওপৰত বক্তব্য ৰাখে৷ তদুপৰি সভাখনত “বন্ধুৰ” সদস্যসকলৰ উদ্যোগত পৰিৱেশ সংৰক্ষণৰ বিষয়ে মহিলাসকলক সজাগতাৰ সৃষ্টি কৰা হয়৷
উল্লেখ্য যে উক্ত সভাৰ সিদ্ধান্ত মর্মে আগন্তুক মাহত ফলঙনি অঞ্চলত কাপোৰ বোৱা আৰু প্রশিক্ষণ গ্রহণ কৰিব পৰাকৈ এটি হস্ততাঁত শিল্প স্থাপন কৰা হব বুলি “বন্ধুৰ” বিষয়ববীয়াই জানিবলৈ দিছে | ইয়াৰ লগতে আমন্ত্রিত অতিথি হিচাপে “আসাম ফ’কাছ”ৰ মৰঙিৰ সাংবাদিক ধ্রুৱজ্যোতি শইকীয়া উপস্থিত থকা সভাখনৰ অন্তত প্রতিগৰাকী মহিলাক একোটাকৈ গছপুলি বিতৰণ কৰা হয় বুলি সংস্থাটোৰ প্রধান সচিব ভৰত দাসে জানিবলৈ দিছে৷












