স্বাস্থ্য প্ৰতিবেদন:
দুশ্চিন্তা এক ধৰণৰ মানসিক ৰোগ। সেই কাৰণে আৰম্ভণিৰ পৰাই এই ৰোগ নিয়ন্ত্রণত ৰখা উচিত। দুশ্চিন্তা বাঢ়িলে বহু সময়ত স্বাভাবিক চিন্তা-ভাবনা কৰাৰ পথ ৰুদ্ধ হৈ যায়।
মন ছটফটাই থাকে, অজান ভয়ে আগুৰি ধৰে। ইয়াৰ পৰা হৃদৰোগ, শ্বাসকষ্ট, পেশীৰ বিষ, ৰক্তচাপ ইত্যাদি সমস্যা দেখা দিব পাৰে। দুশ্চিন্তাৰ অন্যতম প্রধান লক্ষণ হৈছে বুকু ধৰফৰোৱা, ঘাম, কপনি, বিৰক্তি, মজলীয়া মূৰৰ বিষ আৰু মানসিক চাপ অনুভব কৰা।
বিশেষজ্ঞসকলৰ মতে, দুশ্চিন্তাত ভুগিলে কেতিয়াও অকলে থকা উচিত নহয়। সকলো সময়তে কাৰোবাৰ নহয় কাৰোবাৰ লগত কথা কোৱা বা গান শুনা উচিত। ইয়াৰ উপৰি দুশ্চিন্তা কমোৱাত সহায় কৰা কিছু নিদান তলত দিয়া ধৰণৰ :
মানসিক স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ ভিটামিন ডিৰ তুলনা নাই। ই মুড নিয়ন্ত্রণত সহায় কৰে। তাৰ লগতে সকলো ধৰণৰ উদ্বেগ আৰু হতাশা কমোৱাত সহায় কৰে৷ সূর্যৰ পোহৰ ভিটামিন ডিৰ ভাল উৎস। ইয়াৰ উপৰি গাখীৰতো পর্যাপ্ত পৰিমাণে ভিটামিন ডি পোৱা যায়।
ভিটামিন বি-১২ :
ভিটামিন বি ১২ শৰীৰৰ পৰা চাপ কমোৱাত সহায় কৰে৷ ইয়াক মূলত প্ৰাণীৰ পৰা পোৱা যায়। এই ভিটামিনে সুখী হৰমোন সৃষ্টি কৰে আৰু মুড নিয়ন্ত্রণ কৰে। ই স্নায়ুতন্ত্রৰ বাবেও উপকাৰী।
মেগনেচিয়াম :
মানৱ শৰীৰৰ বাবে মেগনেচিয়াম অন্যতম গুৰুত্বপূর্ণ খনিজ। ই দুশ্চিন্তাৰ দৰে মানসিক ৰোগ কমোৱাত সহায় কৰে। মস্তিষ্কক সতেজ ৰাখে৷ ডার্ক চকলেট, পালেং শাক, কাজুবাদাম আৰু চীনাবাদামত পর্যাপ্ত পৰিমাণে মেগনেচিয়াম পোৱা যায়।
ভিটামিন চি :
বিষন্নতা আৰু দুশ্চিন্তা কমোৱাৰ অন্যতম উপায় হৈছে ভিটামি চি গ্রহণ। ই শৰীৰত সজীৱতা বজায় ৰখাত সহায় কৰে। লগতে মানসিক স্বাস্থ্যও ভালে ৰাখে।
কেমোমাইল :
কেমোমাইলে উদ্বেগ মুক্ত ৰখাত সহায় কৰে৷ ভাল ফল পাবলৈ চাহৰ লগত কেমোমাইল মিহলাই খাব পাৰে৷ ই মানসিক চাপ কমোৱাত ভূমিকা ৰাখে।














