ASSAM TIMES POST
নগাঁও: নগাঁৱৰ অগ্ৰনী সাংস্কৃতিক অনুষ্ঠান ‘চিনেমালয়’ৰ উদ্যোগত আৰু আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সহযোগত যোৱা ২৩ আগষ্টৰ পৰা অনুষ্ঠিত দ্বিতীয় নগাঁও আন্তৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্ৰ মহোৎসৱৰ আজি সামৰণি পৰে ৷
দেশ-বিদেশৰ সৰ্বমুঠ ১৫০ খন চুটি ছবি আৰু তথ্যচিত্ৰৰ ভিতৰত ৬৯ খন চুটি ছবি আৰু তথ্যচিত্ৰ জুৰীৰ বাচনিত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হয় ৷ মহোৎসৱৰ জুৰীৰ সদস্য হিচাপে আছিল বিশিষ্ট চলচিত্ৰ নিৰ্মাতা অৰূপ মান্না, প্ৰবীন হাজৰিকা আৰু বিশিষ্ট কথাশিল্পী তথা চলচিত্ৰ সমালোচক শিৱানন্দ কাকতি ৷
মহোৎসৱৰ তিনিওদিনতে অসমৰ চলচিত্ৰ উদ্যোগৰ বিশিষ্ট চলচিত্ৰ নিৰ্মাতা, ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালিকা মঞ্জু বৰা, ববী শৰ্মা বৰুৱা, দ্বীপ চৌধুৰী, সুৰজ দুৱৰা, ৰীমা বৰা, হিমজ্যোতি তালুকদাৰ আদিয়ে দৰ্শকৰ সৈতে এক অন্তৰংগ আলাপত মিলিত হয় ৷ আজি মহোৎসৱৰ শেষত তিনিটা শাখাত অনুষ্ঠিত শ্ৰেষ্ঠ চুটি ছবি আৰু তথ্যচিত্ৰ সমূহক পুৰস্কাৰ প্ৰদান কৰা হয় ৷
উত্তৰ পূৱ ভাৰত শাখাত শ্ৰেষ্ঠ চুটি ছবি আৰু তথ্যচিত্ৰ হিচাপে পুৰস্কৃত হয় যথাক্ৰমে মনিপুৰৰ পৰিচালক অশোক ভেইলৌ পৰিচালিত ‘লুক এট দ্য স্কাই’ আৰু অৰুণাচল প্ৰদেশৰ পৰিচালক ডি. কে. থংগন পৰিচালিত ‘দ্য ইনক্ৰেডিবল বাগানচ্’ য়ে ৷
ৰাষ্ট্ৰীয় শিতানত শ্ৰেষ্ঠ চুটি ছৱি আৰু তথ্যচিত্ৰ হিচাপে পুৰস্কৃত হয় যথাক্ৰমে তামিলনাডুৰ পৰিচালক এচ চানমুগাম পৰিচালিত ‘টক্ টু মি, প্ৰিচিয়াচ’ আৰু মহাৰাষ্ট্ৰৰ প্ৰমাতি আনন্দ পৰিচালিত ‘আকাশবাণী’য়ে ৷
আনহাতে আন্তৰাষ্টীয় শিতানত পৰ্টুগালৰ পৰিচালক লুচিয়ানা মাজেট’ আৰু ভিনিচিয়াচ ল’পচ্ পৰিচালিত ‘ষ্ট’ন এনগ্ৰেভিঙচ্ এণ্ড দ্য থ্ৰী কলাৰড চিকেনপক্স টেল’ নামৰ চুটি ছবিখনে শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰীৱ যুয়েইন্টাৰ পৰিচালিত ‘কালাৰচ্ অব্ ৰেজিটেন্স’ নামৰ তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ পুৰস্কাৰ লাভ কৰে ৷
উল্লেখ্য উত্তৰ পূৱ শাখাত অসমৰ অংকুৰজ্যোতি ডেকা পৰিচালিত ‘সপোনৰ সেতু’ নামৰ চুটি ছবিখন আৰু দৰ্শনা হাজৰিকাৰ ‘চমাংকান’ নামৰ তথ্যচিত্ৰখনে জুৰীৰ বিশেষ বঁটা লাভ কৰে ৷












