স্বাস্থ্য প্ৰতিবেদন:
আমাৰ প্ৰায় সকলোৰে প্ৰিয় খাদ্য মাছ। পাতত মাছ নাথাকিলে যেন খাদ্যৰ প্রতি মনেই বহিব নিবিচাৰে। মাছৰ স্বাস্থ্য উপকাৰিতা সম্পর্কে প্ৰায় সকলোৱেই জ্ঞাত। কিন্তু মাছৰ কণীৰ উপকাৰিতা জানিলে আপুনিও অবাক হৈ যাব।
মস্তিষ্কৰ স্বাস্থ্য উন্নতি কৰে
মাছৰ কণীত থকা ইপিএ (EPA), ডিএইচএ (DHA) আৰু ডিপিএই (DPA, এক ধৰণৰ ফেটি এচিড) মস্তিষ্কৰ স্বাস্থ্য উন্নতি কৰাত সহায় কৰে।
ৰিউমেটয়েড আর্থ্রাইটিছ হ্রাস কৰে
গৱেষকসকলৰ মতে, মাছ আৰু মাছৰ কণীত থকা ওমেগা থ্রি ফেটি এচিডে ৰিউমেটয়েড আর্থ্রাইটিছ (Rheumatoid Arthritis)-ৰ লক্ষণবোৰ হ্রাস কৰাত সহায় কৰে।
চকু ভালে ৰাখে
মাছৰ কণীত থকা ভিটামিন-এ-ই চকু ভালে ৰখাত সহায় কৰে। ইয়াৰ উপৰি ডিএইচএ আৰু ইপিএ শিশুসকলৰ চকুৰ জ্যোতি বৃদ্ধি কৰিবলৈ আৰু ৰেটিনাৰ কার্যকাৰিতাক উন্নত কৰাত গুৰুত্বপূর্ণ।
এনিমিয়াৰ পৰা মুক্তি
মাছৰ কণীত থকা স্বাস্থ্যকৰ উপাদানবোৰে ৰক্ত পৰিষ্কাৰ কৰে আৰু হিমোগ্লোবিন বৃদ্ধি কৰি তোলে, যিটো এনিমিয়াৰ পৰা মুক্তি পোৱাত অত্যন্ত সহায়ক।
হাড় মজবুত কৰে
মাছৰ কণীত থাকে ভিটামিন-ডি, যিয়ে হাড় শক্তিশালী কৰাত সহায় কৰে। লগতে দাঁত মজবুত আৰু ভালে ৰখাত সহায় কৰে।
হার্টৰ অসুখ প্রতিৰোধ কৰে
মাছৰ কণীত থকা ওমেগা থ্রি ফেটি এচিড আৰু ভিটামিন-ডিয়ে হার্টৰ অসুখ প্রতিৰোধ কৰাত সহায় কৰে।
ৰক্তচাপ নিয়ন্ত্রণ কৰে
মাছৰ কণীত থকা ওমেগা থ্রি ফেটি এচিড যিয়ে দেহৰ ভিতৰত ৰক্ত জমা হ’বলৈ নিদিয়ে আৰু প্রদাহ হ্রাস কৰাত সহায় কৰে, যিয়ে উচ্চ ৰক্তচাপৰ পৰা দেহক ৰক্ষা কৰে।
ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়
মাছৰ উপৰি মাছৰ কণীত থকা প্রয়োজনীয় উপাদানে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।













