স্বাস্থ্য প্ৰতিবেদন:
দামী প্রসাধনী সামগ্ৰী নহয় খুব সহজতেই ঘৰুৱা পদ্ধতিত চুলি সৰাৰ সমস্যাৰ পৰা মুক্তি পোৱাৰ উপায় আছে। বিভিন্ন গৱেষণাৰ পৰা জনা গৈছে, চুলি সৰা ৰোধত মধুৰিআমৰ পাত যথেষ্ট কার্যকৰী।
মধুৰিআমৰ পাতৰ সিদ্ধ পানীতেই হ’ব চুলি সৰাৰ সমাধান। আৰু ইয়াৰ বাবে মধুৰিআমৰ পাতক তলৰ উল্লেখিত নিয়মত ব্যৱহাৰ কৰিব লাগিব।
– কেইটামান মধুৰিআমৰ পাত পৰিষ্কাৰকৈ ধুই লৈ পানীত দি চুলাত বহাওক।
– পাতবোৰ ২০ মিনিট ধৰি সিদ্ধ কৰিব লাগিব।
– কিছু সময় পিছত দেখিব পানীখিনিত ৰঙচুৱা ৰং আহিছে।
– ৰঙচুৱা হৈ অহাৰ পিছতেই চুলাৰ পৰা নমাই ঠাণ্ডা কৰি লওক।
– ঠাণ্ডা হোৱাৰ পিছত এখন চাঁকনিৰ সহায়ত পানীখিনি চেঁকি লৈ এটি বটলত ঢালি লওক।
– নিয়মিত এ মিশ্রণটিক হেয়াৰ টনিকৰ দৰে চুলিৰ গুৰিত লগাব লাগিব।
– মিশ্রণটি বেছিকৈ বনাই ফ্রিজত ৰাখি থ’ব পাৰে।
– প্রতিদিনে নিশা শোৱাৰ আগতে চুলিৰ গুৰিত এই মিশ্ৰণটি লগাওক। কিছু সময় মেছেজ কৰিব লাগিব। পুৱা টোপনিৰ পৰা উঠি ঠাণ্ডা পানীৰে চুলিখিন ধুই দিয়ক।













