![]()
নিউজ ডেস্কঃ
দেওবাৰৰ হিমবাহ স্খলনৰ বিভীষিকা এতিয়াও আঁতৰা নাই। এই পৰ্যন্ত সন্ধানহীন ২০০ জন। এতিয়াও সুৰঙ্গত বন্দী ৩৬ শ্রমিক। ইয়াৰ মাজতেই পুনৰ আশঙ্কাৰ বার্তা! উত্তৰাখণ্ডৰ চামোলি জিলাত পুনৰ আহিব পাৰে বিপর্যয়।
দেওবাৰে বৰফ স্খলৰ ফলত ঋষিগঙ্গা নদীৰ গতিপথত সৃষ্টি হৈছে অস্থায়ী হ্রদ। যিকোনো সময়তে হ্রদৰ বান্ধ ভাঙি পুনৰ আহিব পাৰে ধাৰাসাৰ বান। বিপর্যয় কেনেদৰে এৰাব পৰা যায়, তাক লৈ এতিয়াৰ পৰাই পৰিকল্পনা আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী (এনডিআৰএফ) আৰু ডিফেন্স ৰিছার্চ এণ্ড ডেভলপমেন্ট অৰ্গেনাইজেচনে (ডিআৰডিও)।












