![]()
নিউজ ডেস্কঃ
তামিলনাডুৰ এটি আতচবাজী কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। ফলত মৃত্যু হয় ১১ জনৰ। আনহাতে, আঘাতপ্ৰাপ্ত হৈছে প্ৰায় ৩৬ জন। ঘটনাস্থলীত ১০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুওৱাৰ চেষ্টা চলায়। ৰাজ্যখনৰ ৰাজধানী চেন্নাইৰ পৰা ৫০০ কিলোমিটাৰ দূৰৈৰ বিৰুধুনগৰত সংঘটিত হৈছে উক্ত ঘটনা। ইফালে ঘটনাটোত শোক প্রকাশ কৰিছে প্রধানমন্ত্রীয়ে।
জানিব পৰা মতে, আজি দুপৰীয়া ডেৰ বজাত সংঘটিত হয় মৰ্মান্তিক দুর্ঘটনাটো। আতচবাজী নিৰ্মাণৰ বাবে ৰাসায়নিক মিশ্রণ কৰাৰ সময়তে বিস্ফোৰণ ঘটি জুই লাগে কাৰখানাটোত। মৃতসকলৰ পৰিয়ালৰ প্ৰত্যেককে তিনি লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী ই পালানিস্বামী। আহতসকলৰ পৰিয়ালকো দিয়া হ’ব এক লাখ টকাকৈ।
উক্ত ঘটনাত শোক প্রকাশ কৰি প্রধানমন্ত্রীয়ে টুইটত লিখিছে, ‘তামিলনাডুৰ বিৰুধুনগৰত আতচবাজী কাৰখানাত জুই লগাৰ ঘটনা দুঃখজনক। মৃতকৰ পৰিয়ালক সমবেদনা জনালো। আশাকৰো আহতসকল সোনকালে সুস্থ হৈ উঠিব।’ আনহাতে, ক্ষতিপূৰণ ঘোষণা কৰিছে কেন্দ্রইও।
প্রধানমন্ত্রীৰ দপ্তৰৰ পৰা টুইটাৰত জনোৱা হৈছে, মৃতকৰ পৰিয়ালক দুই লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰকৈ ক্ষতিপূৰণ দিয়া হ’ব।












