![]()
নিউজ ডেস্কঃ
বিৰল ৰোগত আক্রান্ত পাঁচ মহীয়া শিশুকন্যা তিৰা কামাত। জন্মৰ পৰাই ভুগিছে Spinal Muscular Atrophy (SMA) Type 1-ত। ঔষধৰ খৰচ ১৬ কোটি টকা, আহিছে আমেৰিকাৰ পৰা ৷ যাৰ বাবে জিএছটি পৰিছে ৬ কোটি টকা। স্বাভাবিকভাবেই দিশহাৰা হৈ পৰিছিল পিতৃ-মাতৃ ! কিন্তু তিৰাৰ বাবে হৃদয়স্পর্শী পদক্ষেপ ল’লে খোদ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ নিজৰ উদ্যোগত মাফ কৰি দিলে সম্পূর্ণ জিএছটি।

উল্লেখ্য, Spinal Muscular Atrophy (SMA) Type 1-ত আক্রান্তৰ স্নায়ু কোষ সম্পূর্ণ বিকল হৈ পৰে। পেশী সঞ্চলানৰ ওপৰত কোনো নিয়ন্ত্রণ নাথাকে। এই চিকিৎসাৰ প্রধান ঔষধ Zolgensma, যিটো আনিব লাগিব আমেৰিকাৰ পৰা। যোৱা বছৰ অক্টোবৰ আৰু চলিত বছৰৰ ডিচেম্বৰত তিৰা কামাতৰ পিতৃ-মাতৃয়ে প্রধানমন্ত্রীৰ ওচৰত তেওঁলোকৰ সন্তানৰ অসুখৰ কথা জনাই আবেদন কৰে জিএছটি ৰেহাইৰ বাবে। ছ’চিয়েল মিডিয়াত তেওঁলোকে জনায়, ঔষধৰ খৰচ ১৬ কোটি টকা।
কিন্তু ২৩ শতাংশ ইমপোর্ট ডিউটি আৰু ১২ শতংশ জিএছটিৰ কাৰণে বৰ্ধিত ৬ কোটি টকা যোগ হৈছে। সকলো অনুদান একত্রিত কৰি তেওঁলোকে ১৬ কোটি টকাই যোগাৰ কৰিব পাৰিছে।

আনহাতে, মহাৰাষ্ট্ৰৰ বিৰোধী দলৰ নেতা দেবেন্দ্র ফার্নোভিছে প্রধানমন্ত্রী আৰু বিত্তমন্ত্রী নির্মলা সীতাৰমনক অনুৰোধ জনাই পত্ৰ লিখে, তিৰা কামাতৰ ক্ষেত্রত জীৱন ৰক্ষাকাৰী ঔষধ আমদানিৰ ক্ষেত্রত সকলো ধৰণৰ শুল্কত যাতে ৰেহাই দিয়া হয়। ইয়াৰ উত্তৰত মোদীয়ে জনায়, তিৰাৰ বাবে আমদানিকৃত জীৱন-দায়িনী ঔষধ শুল্কমুক্ত হ’ব। প্রধানমন্ত্রীৰ এনে মানৱ দৰদী পদক্ষেপক ধন্যবাদ জনায় ফার্নোভিছে।












