স্বাস্থ্য প্ৰতিবেদন:
ওবেছিটিৰ হাত ধৰি যিবোৰ সমস্যাই আমাৰ শৰীৰত বাহ বান্ধে, তাৰ ভিতৰত অন্যতম ফেটি লিভাৰ। খাদ্যৰ পৰা পোৱা ফেট লিভাৰত জমা হৈ হৈ এই সমস্যাই আৰু বৃহৎ আকাৰ লয়। সেয়ে ফেটি লিভাৰত আক্রান্ত হ’লে খোৱা-লোৱা সংক্রান্তীয় নানা সতর্কতা অৱলম্বন কৰাৰ পৰামর্শ দিয়ে চিকিৎসকসকলে।
বেয়া কোলেষ্টেৰল বাঢ়ি গ’লে বহু সময়ত তাৰ হাত ধৰিয়েই ফেটি লিভাৰে আক্ৰমণ কৰে। নাৰী-পুৰুষ নির্বিশেষে সকলোতেই দেখা গৈছে এই লাইফ ষ্টাইলে ডিছঅর্ডাৰত ভোগাইছে। সকলোতকৈ ডাঙৰ সমস্যা হিচাবে উঠি আহিছে নন-এলকোহলিক ফেটি লিভাৰ।
যিসকলে মদ্যপান নকৰে, বা নিৰামিষ খাদ্য খায়, তেওঁলোকৰ মাজত বহুতৰেই লিভাৰত ফেট জমা হয়। মনত ৰাখিব লাগিব, লিভাৰে আমাৰ শৰীৰৰ পৰা যাৱতীয় দূষিত পদার্থ দূৰ কৰি দিয়ে, বৰ্ধিত ফেট জমা হৈ গ’লে লিভাৰৰ কার্যক্ষমতাও ক্রমশ কমিব।
১) প্রস্রাৱৰ ৰং অতিৰিক্ত মাত্রাত গাঢ় হালধীয়া হোৱা যদি লক্ষ্য কৰে, তেনেহ’লে সেয়া ফেটি লিভাৰৰ সমস্যাৰ প্ৰাথমিক উপসর্গ হ’ব পাৰে।
২) যদি অলপ পৰিশ্রমতেই ফোঁপনি উঠে, অতিৰিক্ত ক্লান্তি লাগে বা গোটেই দিন খুব ক্লান্ত লাগে, তেনেহ’লে সেয়া ফেটি লিভাৰৰ সমস্যাৰ প্ৰাথমিক লক্ষণ হ’ব পাৰে।
৩) ফেটি লিভাৰৰ সমস্যাত ছাল অস্বাভাৱিক শুষ্ক হৈ যাব পাৰে। ইয়াৰ উপৰি ছালত দাগ পৰা বা ডিঙিৰ ওচৰত ছালৰ স্বাভাৱিক ৰং পৰিৱর্তিত হৈ যাব পাৰে।
৪) পেট বেয়া নোহোৱা সত্ত্বেও অকাৰণত মাজে সময়ে পেটত বিষ হ’লে সেয়া ফেটি লিভাৰৰ সমস্যাৰ প্রথমিক উপসর্গ হ’ব পাৰে।
৫) ফেটি লিভাৰৰ সমস্যাত শৰীৰৰ পেশী ক্ষয় হৈ থাকে। ইয়াৰ লগতে হাতৰ শিৰা জাগি উঠা বা ওলাই অসা, চেহেৰাত বয়স্ক ভাব লক্ষ্য কৰিলে লিভাৰ পৰীক্ষা কৰাই লওক।
৬) পেটৰ মেদ যদি ক্রমাগত বাঢ়ি থাকে তেনেহ’লে অৱশ্যেই ফেটি লিভাৰ হৈছেনে নাই সেয়া পৰীক্ষা কৰাই লওক। ফেটি লিভাৰৰ সমস্যা ধৰা পৰিলে চিকিৎসকৰ পৰামর্শ মানি খাদ্যাভ্যাস পৰিৱর্তন আনক।
৭) বেছিভাগ লিভাৰৰ অসুখৰ প্রাথমিক লক্ষণ ডিহাইড্রেচন, পেট খালী লগা আদি। এই লক্ষণবোৰ লক্ষ্য কৰিলেই লিভাৰৰ পৰীক্ষা কৰাই লওক।
ফেটি লিভাৰৰ কাৰণে শৰীৰৰ পৰা টক্সিন ভালদৰে বাহিৰ ওলাব নোৱাৰে। সেয়ে নজৰ ৰাখক প্রস্রাৱৰ ৰং আৰু গোন্ধৰ দিশত। শৰীৰত প্রয়োজন অনুযায়ী পানী খোৱাৰ পিছতো একেৰাহে প্রস্রাৱৰ ৰং হালধীয়া হৈ থাকিলে আৰু অতিৰিক্ত দুর্গন্ধ থাকিলে ফেটি লিভাৰৰ পৰীক্ষা কৰাব।
ওজন বৃদ্ধিৰ লগে লগে হঠাৎ ভোক বাঢ়ি গ’লে আৰু মিঠা জাতীয় খাদ্যৰ প্রতি আসক্তি বাঢ়িলে ফেটি লিভাৰৰ সমস্যা হ’ব পাৰে। হঠাৎ উচ্চ ৰক্তচাপৰ সমস্যা হ’লে সতর্ক থাকক।
ফেটি লিভাৰৰ সমস্যাৰ পৰা মুক্তি পাবলৈ বিচাৰিলে প্রতিদিনে প্রচুৰ পানী খোৱাটো জৰুৰী। পানীত অলপ পিঙ্ক ছল্ট অথবা বিট নিমখ আৰু নেমুৰ ৰস মিহলাই খাব পাৰিলে অতি ভাল হয়। আৰু কেঁচা হালধিৰ কাৰকিউমিনো লিভাৰ সুস্থ ৰখাত অতি কার্যকৰী। লিভাৰ সুস্থ ৰাখিবলৈ মেগনেছিয়াম আৰু ভিটামিন বিৰ যোগান অব্যাহত থকাটোও অত্যন্ত জৰুৰী।













