![]()
নিউজ ডেস্কঃ
যোৱা বছৰৰ পৰাই উত্তপ্ত লাডাখ সীমান্ত। সম্মুখ সমৰত দুই প্রতিবেশী দেশ ভাৰত-চীন। আনকি জুন মাহত গালৱান উপত্যকাত দুয়ো দেশৰ সেনা হতাহতিতো লিপ্ত হৈ পৰিছিল। ভাৰতৰ ২০ জন সেনা তাত ছহিদ হ’লেও, কিমানজন চীনা সৈন্য উক্ত ঘটনাত নিহত হৈছিল সেয়া এতিয়াও প্রকাশ্যে অনা নাই বেইজিঙে। কিন্তু এইবাৰ ৰাছিয়াই জনাই দিলে, গালৱান সংঘর্ষত ৪৫ জন চীনা সৈন্যৰ মৃত্যু হৈছিল। এটি ৰিপোর্টত এই দাবী কৰিছে দেশখনৰ চোৰাংচোৱা সংস্থা তাছে (TASS)।
ঘটনাৰ সময়ত বিভিন্ন সংবাদ মাধ্যমত প্রকাশিত প্রতিবেদন আৰু বিভিন্ন চোৰাংচোৱা সংস্থাৰ পৰা পোৱা তথ্যৰ পৰাই এই ৰিপোর্টটো প্ৰস্তুত কৰিছে ৰাছিয়ান চোৰাংচোৱা সংস্থাই। তাত স্পষ্টকৈ কোৱা হৈছে, ‘প্রকৃত নিয়ন্ত্রণ ৰেখা (LAC)ৰ নিকটৱৰ্তী গালৱান উপত্যকাত দুই দেশৰ সেনাৰ সংঘর্ষত ২০ জন ভাৰতীয় সেনা আৰু ৪৫ জন চীনা সৈন্যৰ মৃত্যু হৈছে।’ অৱশ্যে চীনে কেতিয়াও এই ক্ষেত্ৰত চৰকাৰীভাবে কোনো বিবৃতি দিয়া নাই। আনকি নিজৰ সেনাসকলৰ হতাহতৰ প্রসঙ্গতো কোনো তথ্য দিয়া নাই। কিন্তু ৰাছিয়াৰ চোৰাংচোৱা সংস্থাই অৱশ্যে এইবাৰ সেইটোৱে ফাদিল কৰি দিলে।












