![]()
নিউজ ডেস্কঃ
দক্ষিণ আমেৰিকাৰ পেৰুত আমাজনৰ গভীৰ বনাঞ্চলৰ এটি অংশৰ পৰা আহিছে চকচকীয়া সোণৰ ছটাৰ ফটো। আমাজনৰ ডাঙৰ ডাঙৰ নদীবোৰত বৈ গৈছে তৰল সোণৰ সোঁত। নদীবোৰ যেন হৈ উঠিছে ‘তৰল সোণৰ নদী’!
ভূপৃষ্ঠৰ ৩৭০ কিলোমিটাৰ উচ্চতাত পৃথিৱীৰ কক্ষপথত প্রদক্ষিণ কৰি কৰি সেই বিস্মিত হ’বলগা ছবি তুলিছে আন্তর্জাতিক মহাকাশ ষ্টেচনে (আইএছএছ)। নাছাৰ ‘আর্থ অবজাৰভেটৰি’ৰ ৱেবছাইটত সেই ছবিবোৰ প্রকাশ কৰা হৈছে।
মহাকাশ ষ্টেচনৰ পৰা পেৰুৰ আমাজন বনাঞ্চলৰ যি অংশৰ (পেৰুৰ ‘মাদ্রে দ্য ডিয়ছ’ প্রদেশত) ছবি তোলা হৈছে, সেই স্থানটুকুৰা মূলত সুউচ্চ পাহাৰীয়া এলেকা। তাত আছে প্রচুৰ সোণৰ খনি। সেই খনিবোৰৰ পৰাই চোৰাং ব্যৱসায়ীয়ে লুকাই-চোৰকৈ বহু দিন ধৰি সোণ উদ্ঘাটন কৰি অহা বুলি নাছাৰ সূত্ৰত প্ৰকাশ।
নাছাৰ আর্থ অবজাৰভেটৰিৰ তৰফৰ পৰা টেক্সাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক জাষ্টিন উইলকিনছনে লিখিছে, ‘‘উক্ত পানীৰ ওপৰত পৰি সূর্যৰ পোহৰ প্রতিফলিত হোৱাৰ বাবেই মহাকাশ ষ্টেচনৰ পৰা তোলা ছবিত অনুমান কৰা হৈছে যেন তৰল সোণৰ সোঁত বৈ গৈছে পেৰুৰ আমাজন বনাঞ্চলৰ উক্ত অংশৰ নদীবোৰত।’’
উইলকিনছনে লগতে জনাইছে, পেৰুৰ মাদ্রে দ্য ডিয়ছ প্রদেশৰ উক্ত এলেকাত আছে প্রচুৰ সোণৰ খনি। সেই খনিবোৰৰ পৰা চোৰাংকৈ সোণ তোলাৰ কামত জড়িত প্ৰায় ৩০ হাজাৰ লোক।












