![]()
নিউজ ডেস্কঃ
ভাৰতীয় ৰিজার্ভ বেঙ্ক (আৰবিআই) কর্তৃপক্ষই প্রকাশ কৰা সাম্প্রতিক তথ্য অনুযায়ী, ২০২০ চনৰ মার্চ পর্যন্ত ভাৰতৰ বিভিন্ন বেঙ্কত শীর্ষ ১০০ জনৰ ঋণৰ পৰিমাণ হৈছেগৈ ৮৪,৬৩২ কোটি টকাৰ ওচৰা-ওচৰি ! সম্পূর্ণ ঋণৰ প্রায় ৩২%-ই আছে গীতাঞ্জলি জেমছ, যতীন মেহতাৰ উইনছাম ডায়মণ্ড এণ্ড জুৱেলাৰী আৰু কিংফিচাৰ এয়াৰলাইন্সত।
বেঙ্কবোৰত প্রায় ৭৫% ঋণ কাগজে-কলমে মচি পেলায় কৰ ৰেহাইৰ প্রলোভন দেখালেও লাভ একোৱে হোৱা নাই। ফলত তেওঁলোকৰ প্রত্যেকৰ নামেই এতিয়া আছে আৰবিআইৰ চিআৰআইএলচি তালিকাত৷ প্রশাসনিক সূত্রে এই কথা প্ৰকাশ। তথ্যৰ অধিকাৰ আইনৰ (আৰটিআই) অধীনত ৰিজার্ভ বেঙ্কৰ পৰা এই তথ্য লাভ কৰিছে সমাজকর্মী বিশ্বনাথ গোস্বামীয়ে। জানিব পৰা মতে, ঋণ খিলাপীৰ পৰিমাণ বিগত বিত্তীয় বর্ষৰ তুলনাত চলিত বিত্তীয় বর্ষত প্রায় ৫.৩৪% বৃদ্ধি পাইছে।

আৰবিআইৰ তথ্যই কৈছে, ঋণ খিলাপীৰ তালিকাত শীর্ষত আছে মেহুল ছক্সিৰ মালিকানাধীন গীতাঞ্জলি জেমছ, যাৰ ঋণৰ পৰিমাণ ৫,৬৯৩ কোটি টকা। লগতে উইনছাম ডায়মণ্ডৰ ঋণ ৩,৩৭৫ কোটি টকা আৰু বাস্মতি চাউল প্রস্তুতকাৰক আৰইআই এগ্রোৰ ঋণৰ পৰিমাণ ৪৪০৩ কোটি টকা। তালিকাত আছে ফৰেভাৰ প্রেছিয়াছ জুৱেলাৰী আৰু বিজয় মালিয়াৰ কিংফিচাৰ বিমান কোম্পানীৰ নামো।
আনহাতে, বিশ্বনাথ গোস্বামীৰ আৰটিআইৰ ফলতেই পোহৰলৈ আহিছে বহুতো অজানা তথ্য। সূত্রৰ খবৰ মতে, পঞ্জাব নেচনেল বেঙ্কৰ (পিএনবি) প্রায় ৪,৬৪৪ কোটি টকাৰ এনপিএ আছে গীতাঞ্জলি জেমছৰ ওচৰত। লগতে পিএনবিৰ ১,৪৪৭ কোটি টকা আছে গিলি ইণ্ডিয়া আৰু ১,১০৯ কোটি টকা নক্ষত্র ব্ৰেণ্ডৰ ওচৰত! শেহতীয়া তথ্য অনুসৰি, বেংঙ্কবোৰে ২০২০ চনৰ ৩১ মার্চত ৬১,৯৪৯ কোটি টকাৰ ঋণ মচি পেলাইছে, লগতে ২০১৯ চনৰ মার্চত মচি পেলোৱা হৈছিল ৫৮,৩৭৫ কোটি টকাৰ ঋণ!












