![]()
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এম ভি ৰমন্না, সূৰ্যকান্ত আৰু অনিৰুদ্ধ বসুৰে গঠিত তিনিজনীয়া বিচাৰপীঠে অখিল গগৈৰ জামিনৰ শুনানি প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ অস্বীকাৰ কৰে। বৰঞ্চ নিম্ন আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’লেহে উচ্চতম ন্যায়ালয়লৈ জামিন বিচাৰি অহাৰ পৰামৰ্শ প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ে। গগৈক আন গোচৰৰ লগতে UAPAৰ অধীনতো অভিযুক্ত কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা অৰ্থাৎ National Investigation Agency য়ে। ২০১৯ৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তে অখিল গগৈক কাৰাৰুদ্ধ কৰা হয়। অখিল গগৈয়ে প্ৰতিবাদৰ নামৰ দেশৰ অৰ্থনৈতিক সুৰক্ষাত ভাবুকি প্ৰদান কৰাৰ লগতে NIAক প্ৰতিনিধিত্ব কৰা Additional Solicitor General এছ ভি ৰাজুৱে অখিল গগৈয়ে অসম বন্ধৰে অৰ্থনৈতিক ভাবুকি অনা বুলিও যুক্তি দৰ্শাই জামিনৰ বিৰোধিতা কৰি যুক্তিতৰ্ক কৰিছিল।
ইয়াৰ লগতে, অখিল গগৈ সন্ত্ৰাসবাদত লিপ্ত হোৱা বুলিও যুক্তি দিছিল। আনহাতে, উচ্চ ন্যায়ালয়ৰ শুনানিত গগৈক প্ৰতিনিধিত্ব কৰা হুজেফা এহমদীয়ে ৰাজুৰ যুক্তিৰ খণ্ডন কৰি কয় যে, “দিল্লীৰ চাৰিওদিশে প্ৰতিবাদ সাব্যস্ত কৰি থকা দেশৰ কৃষকসমূহো তেন্তে সন্ত্ৰাসবাদী। কোনো কার্যৰ যোগেদি অৰ্থনৈতিক ক্ষতি হোৱাটোক অৰ্থনৈতিক সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰিব পৰা নাযায় বুলি কোৱাৰ লগতে তেওঁ কয় যে কোনো দুষ্কৃতিকাৰীয়ে যদিহে চাইবাৰ আক্ৰমণ কৰি দেশৰ বেংকিং প্ৰণালী বিনষ্ট কৰিবলৈ চেষ্টা কৰে তেন্তে সেয়া সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বুলি ক’ব পাৰি।
ইয়াৰ উপৰিও হুজেফাই কয় যে, অখিল গগৈয়ে অৰ্থনৈতিক অৱৰোধ কৰিবলৈ আহ্বান কৰাৰ সময়ত চৰকাৰে Essential Service Management Act প্ৰযোজ্য কৰা নাছিল। হুজেফাই কোনো ব্যক্তিয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলেই সেয়া যে দেশদ্ৰোহ নহয় সেই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ো পাঠ কৰিছিল। NIA-এ অভিযোগনামাত অখিলৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰা নাই বুলিও আদালতক অৱগত কৰে হুজেফাই। লগতে UAPAত সন্নিৱিষ্ট সন্ত্ৰাসবাদী সংগঠনৰ সদস্য সন্দৰ্ভৰ দফাও NIA-এ অভিযোগনামাত সংলগ্ন কৰা নাই বুলি আদালতক কৈছিল হুজেফাই।












