স্বাস্থ্য প্ৰতিবেদন:
নিমক আয়ুর্বেদত এক অতুলনীয় ঔষধ হিচাবে বিবেচনা কৰা হয়। বহু স্বাস্থ্য সমস্যা দূৰ কৰিবলৈ ইয়াৰ ব্যৱহাৰ কার্যকৰী হিচাপে বিবেচিত হৈছে।
নিম এনে এবিধ উদ্ভিদ, যাৰ প্রতিটো অংশই স্বাস্থ্য সম্পর্কিত সমস্যাবোৰ দূৰ কৰাত ব্যৱহৃত হয়। নিমগছৰ পাত, ডাল, ছাল, বীজ, ফল বা ফুল বিভিন্ন ৰোগ নিৰাময়ৰ বাবে আয়ুর্বেদিক প্রতিকাৰত ব্যৱহৃত হয়।
প্রতিদিনে নিমপাত খোৱাৰ কেইটামান উপকাৰিতা সম্পর্কে ইয়াত ক’ব বিচৰা হৈছে৷ আয়ুর্বেদ অনুসৰি নিমপাত আমাৰ স্নায়ুজনিত ব্যাধি সামঞ্জস্য কৰাৰ ক্ষেত্রত বিশেষভাবে গুৰুত্বপূর্ণ।
ৰোগ প্ৰতিৰোধী ব্যৱস্থা (ইমিউন ছিষ্টেম) :
নিমপাত এন্টিমাইক্রোবিয়েল, এন্টিভাইৰেল আৰু এন্টিঅক্সিডেন্ট বৈশিষ্ট্যৰে সমৃদ্ধ। ইয়াক চোবালে ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰে। এই পাতবোৰে কেন্সাৰ বা হৃদৰোগৰ বাবে সাধাৰণ ফ্লু জাতীয় বহু ৰোগৰ সম্ভাৱনা হ্রাস কৰিব পাৰে। নিমপাতে বেক্টেৰিয়া ধ্বংস কৰিব পাৰে আৰু ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।
হজমত উন্নতি কৰে :
নিমপাত লিভাৰৰ বাবে খুব ভাল হিচাবে বিবেচিত হয়। ই স্বয়ংক্রিয়ভাবে হজমশক্তি বঢ়ায়। প্রতিদিনে নিমপাত খোৱাৰ ফলত অন্ত্রত থকা অতিৰিক্ত বেক্টেৰিয়া দূৰ হয় আৰু কোলন পৰিষ্কাৰ হয়। ই আপোনাৰ হজমত উন্নতি কৰাত সহায় কৰিব পাৰে।
ছালৰ যত্নত নিম :
নিম ছালৰ ক্ষেত্রত খুব উপকাৰী। নিমপাত খোৱাৰ ফলত টক্সিন দূৰ হয়। নিমপাত খালে তেজ বিশুদ্ধ কৰে, যিয়ে আমাক উজ্জ্বল ছাল দিয়ে।
নিমপাতত শক্তিশালী এন্টি-বেক্টেৰিয়েল বৈশিষ্ট্য আছে যিয়ে সংক্রমণ, জ্বলা-পোৰা আৰু ছালৰ যিকোনো ধৰণৰ সমস্যা দূৰ কৰাত অত্যন্ত কার্যকৰী। নিমপাত আৰু হালধিৰ পেষ্ট পোকৰ কামোৰ, ক’লা দাগ, একজিমা, ৰিং-ৱার্ম আৰু কিছু সাধাৰণ ছালৰ ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়।













