![]()
নিউজ ডেস্কঃ
চলিত কৃষক আন্দোলনত আর্থিক সহযোগিতা আগবঢ়াইছে তিনিগৰাকী মুখ্যমন্ত্রীয়ে। কাৰো নাম নোলোৱাকৈ এই বিস্ফোৰক অভিযোগ দক্ষিণ দিল্লীৰ বিজেপি সাংসদ ৰমেশ বিধুৰিৰ। তেওঁৰ মতে, কংগ্রেছ মূল ষড়যন্ত্রকাৰী। মহাভাৰতৰ শকুনিৰ সৈতে কংগ্রেছক তুলনা কৰে তেওঁ। দিল্লী সীমান্তত যিসকল কৃষকে বিক্ষোভ প্রদর্শন কৰিছে, তেওঁলোকৰ সৈতে চিপিআই আৰু চিপিএমৰ সংযোগ আছে বুলিও দাবী কৰে ৰমেশ বিধুৰিয়ে। কৃষকসকলক ভুলকৈ বুজাই এই বিক্ষোভত ইন্ধন যোগাইছে বিৰোধীয়ে বুলিও তেওঁ উল্লেখ কৰে।
উল্লেখ্য, ইয়াৰ আগতেও বাৰম্বাৰ বিজেপিৰ তৰফৰ পৰা কোৱা হৈছে যে কৃষকসকলক ভুল পথে পৰিচালিত কৰি গৈছে দেশৰ বিৰোধী দলবোৰে। বিগত ২ মাহৰো বেছি সময় ধৰি দিল্লী সংযোগী সিংঘু সীমান্তত তিনিখন কৃষি আইন বাতিলৰ দাবীত আন্দোলনত বহি আছে কৃষকসকল। পঞ্জাব, হাৰিয়ানাৰ পৰা অহা কেইবা হাজাৰ কৃষকৰ প্রতিবাদত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ দেশজুৰি।












