স্বাস্থ্য প্ৰতিবেদন:
কলমৌ শাকত কেলছিয়াম থাকে বাবে এই শাকে হাড় মজবুত কৰাত সহায় কৰে। সেয়ে সৰুকালিৰ পৰা শিশুসকলক কলমৌ শাক খুওৱা উচিত৷
এই শাকত আছে প্রচুৰ পৰিমাণে ভিটামিন চি৷ ভিটামিনে ৰোগ প্রতিৰোধ কৰাত সহায় কৰে।
কলমৌ শাকে বসন্ত ৰোগৰ প্রতিষেধক হিচাবে কাম কৰে।
পর্যাপ্ত পৰিমাণত লো থকাত এই শাক ৰক্তহীনতাৰ ৰোগীসকলৰ বাবে অতি উপকাৰী।
জন্মৰ পিছত শিশুই মাতৃদুগ্ধ নাপালে মাকক কলমৌ শাক ৰান্ধি খুৱালে শিশুই পর্যাপ্ত পৰিমাণে গাখীৰ পাব।
নিয়মিত কলমৌ শাক খালে কোষ্ঠকাঠিন্য দূৰ হয়।কুকুৰীকণা ৰোগ হোৱাৰ লগে লগে কলমৌ শাক কেইবা সপ্তাহ প্রতিদিনে এবেলাকৈ ৰান্ধি খুৱালে এই ৰোগ ভাল হয়।
হাত-ভৰি, শৰীৰ জ্বলা-পোৰা কৰিলে কলমৌ শাকৰ ৰসৰ সৈতে অলপ গাখীৰ মিহলাই পুৱা খালী পেটত এসপ্তাহ খালে উপকাৰ পোৱা যায়।
আমাশয় হ’লে কলমৌ পাতৰ ৰসৰ সৈতে কুঁহিয়াৰৰ গুড় মিহলাই চৰবত বনাই পুৱা-গধূলি নিয়মিত খালে আমাশয় উপশম হয়।
গৰ্ভাৱস্থাত গর্ভৱতীসকলৰ শৰীৰত, হাত-ভৰিত পানী আহে, সেই সময়ত কলমৌ শাক বেছিকৈ নহৰু দি তিনি সপ্তাহ খালে পানী কমি যাব।














