স্বাস্থ্য প্ৰতিবেদন:
লাহে লাহে বৃদ্ধি পাই অহা থাইৰয়ডৰ সমস্যাক অন্যান্য ৰোগৰ দৰে ইমান গুৰুত্ব বহুতেই নিদিয়ে। কিন্তু জানি থব, চিকিৎসকে থাইৰয়ডৰ সমস্যাক ছাইলেন্ট কিলাৰ বোলে।
থাইৰয়ডে শৰীৰত বাহ বান্ধি ভিতৰৰ পৰা কেনেদৰে আপোনাক ক্ষয় নিয়াইছে সেয়া নিজেও জানিব নোৱাৰে। এই ৰোগত কেৱল ঔষধ খালেই নহয়, শৰীৰককে দিব লগা হয় যথেষ্ট পৰিমাণৰ পুষ্টিও। থাইৰয়ডে যিহেতু হৰমনৰ ভাৰসাম্যক নষ্ট কৰে, সেয়ে বহু খাদ্য দূৰতে বিদূৰ কৰি ৰাখি কেইটামান সাধাৰণ নিয়ম মানি চলিলেই শৰীৰ সুস্থ থাকিব।
১. নিউট্রিছনিষ্টসকলে কৈছে, পেকেটজাত খাদ্য বা প্রছেছ কৰা খাদ্যৰ পৰা দূৰত থকা উচিত। যেনে বিস্কুট, চিপছ, মাল্টি গ্রেইন ইত্যাদি প্রছেছ কৰা খাদ্যত প্রচুৰ পৰিমাণে প্রিজাৰভেটিভ, নিমখ আৰু ছডিয়াম দিয়া থাকে। থাইৰয়ডৰ ক্ষেত্রত যিবোৰ খোৱাটো একবাৰে উচিত নহয়। ছডিয়ামে ব্লাড প্রেছাৰ বৃদ্ধি কৰে। সেয়ে ইয়াক এৰাই চলাই ভাল।
২. জোৱাৰ-বজ্ৰাৰে প্ৰস্তুত ৰুটি আদি থাইৰয়ডৰ ৰোগীসকলৰ বাবে উপকাৰী। অর্থাৎ মাল্টি গ্রেইনৰ সলনি হ’ল গ্রেইন খোৱাৰ পৰামর্শ দিয়ে পুষ্টিবিদসকলে। কাৰণ তাত আছে ফাইবাৰ, কার্ব, আয়োডিন। যিবোৰ থাইৰয়ড সমস্যাৰ ভুক্তভোগীসকলৰ বাবে জৰুৰী। বাদ দিব পাৰে পাউৰুটি, পাস্তা।
৩. শৰীৰত ফেট হ’লে থাইৰয়ড গ্লেণ্ডত হৰমন সৃষ্টিত বাধা দিয়ে। সেয়ে অতিৰিক্ত ফাষ্ট ফুড বা মাখন, তেলত ভজা খাদ্য তালিকাৰ পৰা বাদ দিয়া উচিত।
৪. শৰীৰত আয়ডিন আৰু প্রটিন মিহলি হৈ থাইৰয়ড হৰমন সৃষ্টি কৰে। সেয়ে খাদ্যাভ্যাসত ৰাখক দৈ, চিজ, বাদাম, কণী, মাছ, মাংস, দাইল। বন্ধ কৰিব লাগিব চয়াবিন। চয়াবিনত থকা আইছ’ফ্ল্যাভিন থাইৰয়ডৰ ক্ষেত্রত সমস্যাৰ কাৰণ হ’ব পাৰে।













