![]()
নিউজ ডেস্কঃ
কেন্দ্রীয় চৰকাৰে আজি জনাইছে যে এই পর্যন্ত ১১খন ৰাফেল বিমান ভাৰতত উপস্থিত হৈছে আৰু ১৭ মার্চৰ ভিতৰত এই জাতীয় আৰু বিমান ভাৰত আহি পাব। প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে ৰাজ্যসভাত প্রশ্নোত্তৰ কালত পৰিপূৰক প্রশ্নৰ উত্তৰত কয়, “এই পর্যন্ত ১১খন ৰাফেল বিমান ভাৰত আহি পাইছে আৰু ১৭ মার্চৰ ভিতৰত এই জাতীয় আৰু বিমান ভাৰত আহি পাব। ২০২২ চনৰ এপ্রিলৰ ভিতৰত ভাৰতে সকলো ৰাফেল পাই যাব।”
প্রতিৰক্ষা মন্ত্রীয়ে কয়, “ফ্রান্স কৰ্তৃপক্ষই ৰাফেল ভাৰতৰ হাতত তুলি দিয়াৰ পিছত ইয়াক বিমান বাহিনীত অন্তর্ভুক্ত কৰাৰ বাবে এটি ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অতীতো ক্ৰয় কৰা বিমানবোৰ বিমান বাহিনীত অন্তর্ভুক্ত কৰাৰ বাবে একে ধৰণৰ কাৰ্যসূচী হৈছিল, কিন্তু এইবাৰ কাৰ্যসূচীটো অলপ ডাঙৰ আছিল কাৰণে দ্বিপাক্ষিক আলোচনাও হৈছিল। ফৰাচী পক্ষৰ নেতৃত্বত আছিল দেশখনৰ প্রতিৰক্ষা মন্ত্রী আৰু মই নেতৃত্ব দিছিলো ভাৰতীয় পক্ষৰ।”












