![]()
নিউজ ডেস্কঃ
মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিবৰাজ সিং চৌহানে যোৱা শনিবাৰে এটি বিবৃতি দি কৈছিল, ‘তেওঁৰ চৰকাৰে মদ নিষিদ্ধকৰণৰ বাবে কাম কৰিছে’। শনিবাৰে তেওঁ কৈছিল, ‘জনগণক মদ খোৱাটো বন্ধ কৰাৰ আহ্বান জনাবলৈ শীঘ্ৰেই এক প্রচাৰ আৰম্ভ কৰা হ’ব যাতে মধ্য প্রদেশক এখন “ভাল ৰাজ্য” হিচাবে গঢ়ি তুলিব পৰা যায়।’
লগতে মুখ্যমন্ত্রী চৌহানে এই সমাবেশত কৈছিল, “মই মধ্যপ্রদেশক মদমুক্ত ৰাজ্য কৰিব বিচাৰো। কেৱল মদ বন্ধ কৰিয়েই এইটো কৰিব পৰা নাযাব। মানুহে যদি সেৱন অব্যাহত ৰাখে তেতিয়া সৰবৰাহ অব্যাহত থাকিব আৰু মানুহক মদ খোৱাৰ পৰা বিৰত ৰাখিবলৈ আমি মদমুক্তি অভিযান পৰিচালনা কৰিম। ইয়াৰ বাবে আমি অৱশ্যেই অঙ্গীকাৰ কৰিব লাগিব।”












