স্বাস্থ্য প্ৰতিবেদন:
ফুলকবি আমাৰ অতি পৰিচিত শীতকালীন পাচলি। ফুলকবিত আছে অজস্র গুনাগুণ। যাৰ গুনাগুণ সম্পর্কে ধাৰণা দিছিল ১২০০-১৩০০ শতিকাত আৰবৰ বিজ্ঞানীসকলে।
এক কাপ সিদ্ধ ফুলকবিত আছে প্রায় ৫৫ গ্রাম ভিটামিন চি। যিটো ফেট বার্ন কৰাৰ এটি কার্যকৰী উপাদান। আৰু আছে ফলেট, যিয়ে ওজন কমোৱাত সহায় কৰে।
ফুলকবিত থাকে গ্লুকোৰাফিন যিয়ে পাকস্থলীৰ ঝিল্লি ৰক্ষাৰ উপৰি পাকস্থলীত হেলবেক্টাৰ পাইলৰি নামৰ বেক্টেৰিয়াক জন্ম হ’বলৈ নিদিয়ে। ইয়াৰ উপৰি পাকস্থলীৰ আলচাৰ আৰু কেন্সাৰৰ সম্ভাৱনা কমাই দিয়ে।
ফুলকবিত আছে জিংক যিয়ে নতুন কোষ সৃষ্টি কৰি ক্ষত নিৰাময়ত সহায় কৰে।
নিয়মিত ফুলকবি খালে হাড়, দাঁত মজবুত থকাৰ লগতে স্নায়ু সচল ৰাখে।
ই খাদ্য তালিকাত ভিটামিন কেৰ চাহিদা পূৰণ কৰিব পাৰে। যিটো ক্ষতস্থানত ৰক্ত গোট মৰাৰ অত্যন্ত প্রয়োজনীয় উপাদান। এক কাপ ফুলকবিত আছে প্রায় ১১ মাইক্রোগ্রাম ভিটামিন কে।
ফুলকবিত আছে কেৰোটিনয়েডছ (জেম্ন-বিটা কেৰোটিন) আৰু ফাইটোহৰমোন, যিয়ে এন্টি অক্সিডেন্ট হিচাবে ছালৰ উজ্জ্বলতা ধৰি ৰখাৰ লগতে কেন্সাৰ আৰু হৃদৰোগৰ সম্ভাৱনা কমায়।
গৰ্ভাৱস্থাত ফুলকবি খোৱাটো অত্যন্ত ভাল অভ্যাস। ইয়াৰ পুষ্টি উপাদান আৰু ভিটামিনসমূহ কোষ বৃদ্ধিত সহায়ক। ই মাতৃগর্ভত ভ্রুণৰ বৃদ্ধিক ত্বৰান্বিত কৰে।
ই মেগনেছিয়াম পেৰাথাইৰয়েডক উদ্দীপিত কৰে। হৰমোন উৎপাদনত সহায় কৰে আৰু ফছফৰাছে হাড় শক্তিশালী কৰে।
ফুলকবিয়ে ছেলেনিয়াম ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাৰ লগতে ক্রনিক ইনফেকচন কমোৱাতো ই কার্যকৰী । ই ছ’ডিয়ামৰ উৎস যিয়ে ৰক্তত সঠিক ঘনমাত্রা বজায় ৰাখে।
ওমেগা থ্রি ফেটি এচিড থকাত ই ইনফ্লেমেচনৰ সম্ভাৱনা কমায়। এক কাপ ফুলকবি সিদ্ধত থাকে .২১ ওমেগা থ্রি ফেটি এচিড। ই মস্তিষ্কৰ কর্মদক্ষতা বৃদ্ধি কৰি থাকে।













