![]()
নিউজ ডেস্কঃ
অহা ২ অক্টোবৰ, গান্ধী জয়ন্তীৰ ভিতৰতেই কেন্দ্রই বিতর্কিত কৃষি আইন সন্দৰ্ভত সিদ্ধান্তত উপনীত হ’ব লাগিব। এই চৰমসীমা বান্ধি দিলে ভাৰতীয় কিষাণ ইউনিয়ন (বিকেইউ)ৰ নেতা ৰাকেশ টিকায়েতে।

উল্লেখ্য, শনিবাৰে দেশজুৰি ৩ ঘণ্টাৰ শান্তিপূর্ণ চকা বন্ধ পালন কৰা হয়। সেই কাৰ্যসূচী শেষ হোৱাৰ পিছতেই দিল্লী-উত্তৰ প্রদেশ সীমান্তৰ গাজিপুৰত উপস্থিত হৈ টিকায়েতে স্পষ্টভাৱে জনাই দিয়ে, ‘‘দাবী পূৰণ নোহোৱা পর্যন্ত আমি ঘৰলৈ উভতি নাযাওঁ। আইন প্রত্যাহাৰ কৰিবলৈ ২ অক্টোবৰ পর্যন্ত সময় দিছো কেন্দ্রীয় চৰকাৰক। তাৰ পিছত পৰৱর্তী পৰিকল্পনা কৰিম। চাপ সৃষ্টি কৰি চৰকাৰৰ সৈতে আমাক আলোচনাত বহুৱাব নোৱাৰিব।’’












