![]()
নিউজ ডেস্কঃ
ৰিহানাৰ পিছত এইবাৰ হলিউড তাৰকা সুজান ছাৰাণ্ডন কৃষক আন্দোলনৰ সমর্থনত সৰৱ হ’ল ছচিয়েল মিডিয়াত। ভাৰতৰ কৃষক আন্দোলন প্রসঙ্গত আমেৰিকাৰ সংবাদ মাধ্যমত প্রকাশিত এক প্রতিবেদন তেওঁ শনিবাৰে টুইটাৰত প্রকাশ কৰে। লগতে আন্দোলনৰ প্রতি নিজৰ সমর্থনৰ কথা জনায়।
উল্লেখ্য, ৭৪ বছৰীয়া সুজান হলিউডৰ আগশাৰীৰ অভিনেত্রী। ইয়াৰ আগতে মানৱাধিকাৰ সংক্রান্তীয় বিভিন্ন বিষয়ত তেওঁক বাৰে বাৰে সৰৱ হোৱা দেখা গৈছে। শনিবাৰে তেওঁৰ এই টুইটৰ ফলত স্বাভাৱিকতেই তোলপাৰ লাগিছে নেট জগতত। ‘ডেড মেন ৱাকিং’ ছবিৰ অভিনেত্রীগৰাকীয়ে লিখিছে, যদি কোনোবাই ভাৰতৰ কৃষক আন্দোলন সম্পর্কে জানিবলৈ বিচাৰে, কৃষকসকলৰ কোনে আৰু কিয় প্রতিবাদ কৰিছে— সেই বিষয়ত আগ্রহী হয়, তেনেহ’লে প্রতিবেদনখন পঢ়িব পাৰে।
নেট মাধ্যমত অস্কাৰ জয়ী অভিনেত্রীগৰাকীৰ লেখাটো দ্রুততাৰে বিয়পি পৰে। মাত্র কেইঘণ্টামানৰ ভিতৰতে ১০ হাজাৰৰো অধিক মানুহে লেখাটো নিজৰ একাউন্টৰ পৰা পুনঃপ্রকাশ কৰে।












