![]()
নিউজ ডেস্কঃ
অতিমাৰিৰ ভবিষ্যদ্বাণী পাঁচ বছৰ আগতেই কৰিছিল মাইক্রোছফটৰ সহ-প্রতিষ্ঠাতা বিল গেটছে। সেই পৰিস্থিতি চম্ভালাৰ বাবে মানৱ সভ্যতা প্রস্তুত নহয় বুলিও সতর্ক কৰিছিল তেওঁ। ২০১৫ চনত গেটছৰ সাক্ষাৎকাৰৰ এটি ভিডিও সম্প্ৰতি পোহৰলৈ আহিছে। তাতেই তেওঁ কৈছিল, আগন্তুক কেইবা দশকত যদি বিশ্বত এক কোটি মানুহৰ মৃত্যু হয় তেনেহ’লে সেয়া মিছাইল নহয়, বীজাণুৰ আক্রমণত হ’ব। তেওঁৰ কথা আখৰে আখৰে মিলি যোৱাত কিন্তু মুঠেই আনন্দ লাভ কৰা নাই গেটছে। ‘ভেৰিটাছিয়াম’ নামৰ এক ইউটিউব চেনেলত সেই কথাই জনাইছে তেওঁ।
ইউটিউব চেনেলটিৰ পৰিচালক ডেৰেক মুলাৰৰ সৈতে মুখামুখী আলোচনাত সম্ভাৱ্য আৰু দুটি বিপর্যয়ক লৈও সতর্ক কৰিলে বিল গেটছে। প্রথম, জলবায়ু পৰিবর্তন আৰু দ্বিতীয়টো বায়ো-টেৰৰিজম। তেওঁ কয়, কোনোৱে যদি ক্ষতি কৰিবলৈ পৰীক্ষাগাৰত বীজাণুৰ সৃষ্টি কৰে তেনেহ’লে সেয়া চম্ভালাটো আৰু কঠিন হৈ যাব। গেটছক প্রশ্ন কৰা হয়, এই সময়ত যদি আৰু এটি মহামাৰীৰ প্রাদুর্ভাৱ হয় তেনেহ’লে তাক চম্ভালিব পৰা যাবনে। উত্তৰত তেওঁ স্পষ্টভাৱে না বুলি কয়।












