![]()
নিউজ ডেস্কঃ
তেওঁক ‘ভাৰত ৰত্ন’ দিয়াৰ দাবী জনোৱা বন্ধ কৰিবলৈ সকলোৰে ওচৰত আবেদন জনালে টাটা গ্রুপৰ অধ্যক্ষ ৰতন টাটাই। উল্লেখ্য, শুক্রবাৰৰ পৰা টুইটাৰত ট্রেণ্ডিং হৈ গৈছে হেজটেগ #BharatRatnaForRatanTata। নেটিজেনসকলৰ ওচৰত অশীতিপৰ ৰতন টাটাৰ অনুৰোধ, এনে দাবী জনোৱাৰ দৰকাৰ নাই। তাৰ লগতে তেওঁ যে ভাৰতীয় হিচাবে দেশৰ উন্নতি আৰু সমৃদ্ধিৰ পথত এজন অংশীদাৰ হ’বলৈ পাই গর্বিত, সেয়াও জনায় তেওঁ।

উল্লেখ্য, শুক্রবাৰে মটিভেচনেল স্পিকাৰ ড: বিবেক বিন্দ্রাই টুইটাৰত দাবী কৰে, দেশৰ প্রতি অৱদানৰ বাবে ৰতন টাটাক সর্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ দিয়া উচিত। এই দাবী জনায়ে তেওঁ আৰম্ভ কৰে হেজটেগটি। ৰাতিৰ ভিতৰতে সেইটো ট্রেণ্ডিং হৈ যায়। বিবেকৰ সুৰত সুৰ মিলায় বহু নেটিজেনে। সেই দিশৰ পৰা লক্ষ্য ৰাখিয়েই শনিবাৰে পুৱা ৰতন টাটাই টুইট কৰি আবেদন জনায়, এনে দাবী তোলা বন্ধ কৰক নেটিজেনসকলে। তেওঁ লিখে, ‘এটি বঁটাৰ দাবীক ছচিয়েল মিডিয়াৰ একাংশৰ আবেগক মই সন্মান জনাইছো। মোৰ বিনীত অনুৰোধ, এই ধৰণৰ প্রচাৰ বন্ধ হওক। মই ভাগ্যৱান যে ভাৰতীয় হিচাবে দেশৰ উন্নতি আৰু সমৃদ্ধিৰ পথত এজন অংশীদাৰ হ’বলৈ পাৰিছো।’












