স্বাস্থ্য প্ৰতিবেদন:
আমৰ পাতত আছে ভিটামিন, এনজাইম, এন্টিঅক্সিডেন্ট, খনিজ উপদান। আমৰ পাতত মেঞ্জিফিৰিন নামৰ এটি সক্রিয় উপদান থাকে যিটো স্বাস্থ্যৰ পক্ষে ভাল।
আমৰ পাতত আৰু কি কি উপকাৰিতা আছে জানো আহক-
১। যদি আপোনাৰ খাওঁতে বাৰে বাৰে হিকতি আহে তেনেহ’লে আমৰ পাত পুৰি তাৰ ধোঁৱা নাকৰ ওচৰত ৰাখক। দেখিব দ্রুতভাৱে এই সমস্যাৰ পৰা মুক্তি পাব।
২। বাত বিষৰ সমস্যা থাকিলে আমৰ পাত কচি লৈ পানীত উতলাই প্রতিদিনে সেই পানী খাওক। উপকাৰ পাব।
৩। আচিনাই নিৰাময়ত আমৰ পাত খুবেই উপকাৰী। আমৰ পাত পুৰি ক’লা কৰি লওক। সেই গুড়িত সামান্য পানী মিহলাই পেষ্ট তৈয়াৰ কৰি আচিনাইত লগাওক। সোনকালে আঁতৰি যাব।
৪। প্রতিদিনে পুৱা আমৰ পাত শুকাই গুড়ি কৰি এক গিলাচ পানীত মিহলাই খাওক। কিডনিত পাথৰৰ সমস্যাৰ পৰা ৰেহাই পাব।
৫। আমৰ পাতে ব্লাড প্রেছাৰ নিয়ন্ত্রণত ৰাখে।
৬। আমৰ পাতৰ সহায়ত ক্ষত নিৰাময় কৰা সম্ভৱ। আমৰ পাত পুৰি সেই ছাই ক্ষতস্থানত লগাওক। উপকাৰ পাব।













