![]()
নিউজ ডেস্কঃ
বিগত এক বছৰ ধৰি কৰোনা মহামাৰী ৰুধিবলৈ দিন-ৰাতি একাকাৰ কৰিছে বিশ্বৰ বিভিন্ন দেশে। ইয়াৰ মাজতে সম্প্রতি চীনত প্রায় ৭৫ শতাংশ প্রাণঘাতী নিপা ভাইৰাছৰ প্রাদুর্ভাব দেখা দিছে বুলি জনাইছে নেডাৰলেণ্ড-ভিত্তিক একছেছ টু মেডিচিন ফাউন্ডেচনৰ কাৰ্যবাহী পৰিচালক জয়শ্রী কে আইয়াৰে। এইটো হ’ব পাৰে পৰবর্তী বৈশ্বিক মহামাৰী।
তেওঁ কয়, নিপা ভাইৰাছ হ’ল আৰু এটি ক্রমবর্ধমান সংক্রমণ, যি ডাঙৰ উদ্বেগৰ কাৰণ হ’ব পাৰে। ই যিকোনো মুহূর্তত বিয়পি পৰিব পাৰে। আনকি পৰবর্তী মহামাৰী ঔষধপ্রতিৰোধীও হ’ব পাৰে।
নিপা ভাইৰাছৰ কাৰণে শ্বাস-প্রশ্বাসত মাৰাত্মক সমস্যা আৰু এনছেফালাইটিছ (মস্তিষ্ক ফুলি যোৱা) সৃষ্টি হ’ব পাৰে। ইয়াত মৃত্যুৰ হাৰ ৪০ৰ পৰা ৭৫ শতাংশ পর্যন্ত হ’ব পাৰে।
উল্লেখযোগ্য যে নিপা ভাইৰাছ সাধাৰণতে বাদুলীৰ মাধ্যমেৰে বিয়পে। বাংলাদেশ আৰু ভাৰতত খেজুৰৰ ৰস পানৰ মাধ্যমেৰে ই বিয়পি পৰাৰ আশঙ্কা আছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা চিহ্নিত সকলোতকৈ ভয়াবহ ১০টি সংক্রামক ৰোগৰ এবিধ নিপা ভাইৰাছ। অথচ এই মহামাৰী ৰুধিবলৈ এই পর্যন্ত বিশ্বৰ ক’তো কোনো প্রস্তুতি নাই।













